▪️পৃষ্ঠা নং ১২
প্ৰশ্নাৱলী
১| আহোমসকল আদিতে কোন জাতিৰ
লোক আছিল?
উত্তৰ : আহোমসকল আদিতে টাই জাতিৰ
লোক আছিল।
২। আহোমসকলৰ আদি বাসস্থান ক'ত
আছিল?
উত্তৰ : আহোমসকলৰ আদি বাসস্থান আছিল
চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ
ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত।
৩। আহোমসকল কিমান বছৰ অসমত
শাসন কৰিছিল?
উত্তৰ : আহোমসকল অসমত ৬০০ বছৰৰ
অধিক কাল শাসন কৰিছিল।
৪। আহোমসকলৰ আদিভাষা কি আছিল?
উত্তৰ : আহোমসকলৰ আদিভাষা টাই বা শ্যান
আছিল।
৫। আহোমসকলৰ কেইটিমান উৎসৱৰ নাম
লিখা।
উত্তৰ : আহোমসকলৰ কেইটিমান উৎসৱৰ
নাম হ'ল -- মে-ডাম মে-ফী, ওমফা, চাইফা।
৬। চমুটোকা লিখা :
(ক) লাচিত বৰফুকন
উত্তৰ : লাচিত বৰফুকন এগৰাকী দেশ
প্ৰেমিক বীৰ আছিল। এওঁ ঐতিহাসিক
আহোম- মোগলৰ শৰাইঘাটৰ যুদ্ধৰ মূল
নেতৃত্ব বহন কৰিছিল।
লাচিত বৰফুকনৰ জন্ম হয় ১৬১২ চনত।
তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামূলী
বৰবৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ তিনিজন
ককায়েক আছিল। সৰুৰে পৰাই লাচিত
আছিল বৰ সাহসী, সজ আৰু স্পষ্টবাদী।
নিজৰ দক্ষতা আৰু বিচিক্ষণতাৰ ফলত তেওঁ
বিভিন্ন পদ শুৱনি কৰিছিল।প্ৰথমে 'হাঁচতিধৰা
তামুলী', তাৰ পিছত কিছুদিনৰ বাবে 'ঘোঁৰা
বৰুৱা' আৰু ক্ৰমান্বয়ে 'দোলীয়া বৰুৱা' আৰু
'শিমলুগুৰীয়া' আদি পদত নিযুক্তি লাভ কৰে।
সৰ্বশেষত লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰম
ৰ উমান পাই সেই সময়ৰ আহোম ৰজা
চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি আৰু
বৰফুকনৰ পদত নিযুক্ত কৰিলে।
১৬৬৭ চনৰ ২০ আগষ্টত আহোম-মোগলৰ
যুদ্ধ আৰম্ভ হয়। লাচিত বৰফুকনৰ নেতৃত্বত
আহোমসকল জয়ী হয়।
লাচিত বৰফুকনে খুব নিখুঁতভাবে যুদ্ধৰ
সকলো পৰিকল্পনা প্ৰস্তুত কৰিছিল। আনকি
সেনাসকলৰ কোন ক'ত থাকিব, তাৰ
অৱস্থানো নিৰ্ণয় কৰি দিছিল।
যুদ্ধৰ দিন চাপি অহাৰ লগে লগে ৰণসজ্জা
আৰু অন্যান্য ব্যৱস্থাসমূহ তেওঁৰ নখদৰ্পণত
যাতে থাকে সকলোৰে সতে আলোচনাত
আগভাগ লৈছিল।
মোমায়েকে কামত গাফিলতি কৰাৰ
বাবে হেংদাং ৰে কাটি দুছোৱা কৰি প্ৰচণ্ড
দেশপ্ৰেমিকৰ নিৰ্দশন দাঙি ধৰিছিল।
আহোম আৰু মোগলৰ সৰ্বশেষ যুদ্ধখনেই
হ'ল শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ মাৰ্চ মাহৰ
মাজভাগত এই যুদ্ধ সংঘটিত হৈছিল। সেই
সময়ত লাচিত টান নৰিয়াত পৰিছিল। কিন্তু
ৰোগীয়া শৰীৰেৰই তেওঁ যুদ্ধত অৱতীৰ্ণ হয়।
যাৰ ফলত সেনাবোৰে পুনৰ পৰাক্ৰমেৰ
যুঁজিবৰ সাহস প্ৰাপ্ত কৰিছিল। আৰু সহজতে
মোগল সেনাক পৰাস্ত কৰিছিল।
যুদ্ধৰ কিছুদিনৰ পাছতেই তেওঁ মৃত্যু মুখত
পৰিছিল। দেশ আৰু জাতিৰ হকে সদায়ে
তেওঁ প্ৰস্তুত আছিল।
(খ) সতী জয়মতী
উত্তৰ : সতী জয়মতী কুৱঁৰীৰ সময়ত আহোম
ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি বৰ শোচনীয়
আছিল। মন্ত্ৰী লালুক সোলা তেতিয়া অসম
ৰাজ্যৰ উঠি ৰজা বহি ৰজা হৈছিল।
নিজৰ কূটনৈতিক ষড়যন্ত্ৰ পূৰণাৰ্থে প্ৰাপ্তবয়স্ক
উপযুক্ত কোঁৱৰ থকা সত্বেও তেওঁ চৌধ্য
বছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঞিক
আনি ১৬৭৯ চনত অসমৰ ৰজা পাতিলে।
লালুকে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে
ৰাজ্যৰ প্ৰায়বোৰ ৰাজকোঁৱৰক হত্যা
কৰোৱালে। কেৱল বাদ পৰিল তুংখুঙীয়া
ফৈদৰ লাঙ্গি গদাপাণি।
গদাপাণিক বিচাৰি নাপাই জয়মতীক জেৰা
কৰা হ'ল। কিন্তু জয়মতীয়ে কোনো পধ্যে
গিৰিয়েকৰ সম্ভেদ দিবলৈ মান্তি নহ'ল।
কোঁৱৰৰ খবৰ নিদিয়াত চাওদাঙে জয়মতীক
জেৰেঙা পথাৰৰ নিৰ্জন স্থানলৈ লৈ গ'ল। চাও
- দাঙে অনেক ৰকমে বুজাই-বঢ়াই ফুচুলাই,
উচতাই, ভয় দেখুৱাই তেওঁৰ মুখৰপৰা গদা-
পাণিৰ বাতৰি উলিয়াব নোৱাৰি চাওদাঙে
কুঁৱৰীক দুই এটাকৈ শাস্তি দি যাবলৈ ধৰিলে।
জয়মতী কুৱঁৰীয়ে সকলো শাস্তি সহনশীলা
বসুমতীৰ দৰে নীৰৱে সহি থাকিল। আৰু
১৬৭৯ চনৰ ১৩ চ'তৰ দিনা ইহলীলা সম্বৰণ
কৰিলে।
সতী জয়মতীৰ জেষ্ঠ্য পুত্ৰ স্বৰ্গদেউ ৰূদ্ৰসিংহই
মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে
জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ সদৃশ
বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়
-সাগৰ।
14 Comments
.
.
.
.
.
..
...
.
.
.