Class 8 | Assamese Textbook । অসমীয়া । নতুন লহৰ ( অষ্টম ভাগ)

English Medium

১ জ্ঞানী কোন

পৃষ্ঠা নং ৫

অনুশীলনী:

১. জ্ঞানী কোন পাঠটিত দিয়া ছোৱালী দুজনীৰ নাম কি কি?
উত্তৰ : জ্ঞানী কোন পাঠটিত দিয়া ছোৱালী দুজনীৰ নাম হ'ল - মালাছা আৰু আকুলতা।

২. ঘটনাটো কোন সময়ৰ?
উত্তৰ : ঘটনাটো বৰদিন সময়ৰ।

৩. দুয়োজনী ছোৱালীয়ে কি কি ৰঙৰ পোছাক পৰিধান কৰিছে?
উত্তৰ : দুয়োজনী ছোৱালীৰ সৰুজনীয়ে নীলা আৰু ডাঙৰজনীয়ে হালধীয়া পোছাক পৰিধান কৰিছে।

৪. কোনে কাৰ গালৈ প্ৰথমে বোকা-পানী ছটিয়াইছিল?
উত্তৰ : মালাছাই আকুলতাৰ গালৈ প্ৰথমে বোকা-পানী ছটিয়াইছিল।

৫. কাৰ আইতাকে কাজিয়া ভাঙিবলৈ আগবাঢ়ি আহিছিল?
উত্তৰ : আকুলতাৰ আইতাকে কাজিয়া ভাঙিবলৈ আগবাঢ়ি আহিছিল।

৬. 'জ্ঞানী কোন' পাঠটোৰপৰা কি শিকিলা?
উত্তৰ : 'জ্ঞানী কোন' পাঠটিৰ পৰা আমি জ্ঞান সৰ্ম্পকে কিছু কথা শিকিলোঁ। ডাঙৰ মানুহতকৈ শিশুসকলৰ মন যে কোমল আৰু সৰল সেই কথা গল্পটোৰ পৰা গম পালোঁ। বয়স আৰু বুদ্ধিত পৈণত হৈয়ো বয়সিয়াল লোকে অসভ্য আচৰণ কৰে বাবে লেখকে তেওঁলোকক জ্ঞানী বুলি কব খোজা নাই।

অতিৰিক্ত প্ৰশ্ন

১. জ্ঞানী কোন?
উত্তৰ : যি নিজৰ বিবেক আৰু বুদ্ধিৰে নিজকে ভালদৰে পৰিচালনা কৰে, সেইজনেই জ্ঞানী।

২. বাক্য ৰচনা কৰা:

জ্ঞান : কিতাপৰ পৰা আমি জ্ঞান আহৰণ কৰোঁ।

মূৰ্খ : মূৰ্খ মানুহক কোনেও সম্মান নকৰে।

জুৰি : আমাৰ ঘৰৰ কাষেদি এটি সৰু জুৰি পাৰ হৈ গৈছে।

প্ৰতিৱেশী : প্ৰতিৱেশীৰ লগত সদায়ে মিলি-জুলি থাকিব লাগে।

[Notice : Any question on this lesson be placed as a comment below.]


Post a Comment

12 Comments

সুন্দৰ প্ৰচেষ্টা ।
Horeram Tanti said…
বন্ধু ৰিকু, ধন্যবাদ। এই চাইটৰ বিষয়ে গাৱঁৰ ছাত্ৰ-ছাত্ৰী, আৰু লগৰ সকলোকে জনাব।
Rjjjj said…
Class 10.. Hindi mil .. Hindi4 ... Moy and dibo parim
Rjjjj said…
Aponi muk mur whatsap 9954329398.. Eta massage diok... Aponar site muk bor bhal lagil
Horeram Tanti said…
Enter your comment..ৰাজেশ, ধন্যবাদ। পাৰিলে আনকো ইয়াৰ বিষয়ে ক'ব।
Anonymous said…
Very good initiative. Thank you. Baki lessons bur nai neki?
Horeram Tanti said…
উত্তৰবোৰ সোনকালে পোষ্ট কৰা হ'ব। ধন্যবাদ।
Unknown said…
দশম শ্ৰেণীৰ সংস্কৃতৰ নোটসমূহ দিব
Unknown said…
পাঠ ৩ বাখ্যা কৰা
Unknown said…
Can you plz give class 7. Nutun Lahor teachers resources book
Horeram Tanti said…
Contact me on whatsapp 7637961778..