পৃষ্ঠা ৩-৪
প্ৰশ্নাৱলী
ভাব বিষয়কঃ
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ
(ক) ",,,,,,,,,, নেৰিবা বান্ধৱ মোক জীৱনে
মৰণে।"______ কবিয়ে জীৱনে মৰণে
নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে
👍(HSLC'17)
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ
বাবে ভগৱানক অনুৰোধ কৰিছে।
(খ) সনন্দ সনন্দ যোগী যাহাকু ধিয়ায়।
______ সনক, সনন্দ আদি যোগীসকলে
কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ: সনক, সনন্দ আদি যোগীসকলে
শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ: কবিয়ে সাংসাৰিক দুখ-যন্ত্ৰণা বিষয়
বাসনাত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ: বৰগীতটি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
(HSLC'17)
উত্তৰ: বৰগীতটি 'বসন্ত' ৰাগত বন্ধা আছে।
(চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন
কৰিছে? 👍(HSLC'16)
উত্তৰ: কবিয়ে 'বান্ধৱ' বুলি 'শ্ৰীকৃষ্ণক' সম্বোধন
কৰিছে।
(ছ) 'মোহ-পাশ' মানে কি ?
উত্তৰ: 'মোহ-পাশ' মানে মায়াৰ বন্ধন।
২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ: বৰগীতটিত কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি তাকেই প্ৰকাশ কৰিছে। পৰম আনন্দৰ স্বামী স্বয়ং কৃষ্ণ। সকলো সৃষ্টি তেওঁৰ পৰাই হৈছে। তেওঁ নিৰাকাৰ, ত্ৰাণকৰ্তা আৰু জগতৰ উদ্ধাৰকৰ্তা। সৰ্বসাধাৰণ ৰাইজে তেওঁৰ মহিমা বুজি নাপায়। সনক, সনন্দ আদি যোগীসকলেও কৃষ্ণক পাবৰ বাবে সহস্ৰ সাধনা কৰিব লাগিছিল। এতিয়া কবিয়ে বুজি পাব কেনেকৈ। সময়ৰ পৰিক্ৰমাত, তেওঁক বুজি নোপোৱাৰ বাবেই আমি ইহ সংসাৰৰ মায়া-মোহত আৱদ্ধ হওঁ। অন্যহাতেদি তেওঁক বুজি পোৱাটোৱেই আমাৰ সংসাৰ বন্ধনৰ পৰা মুক্তিৰ পথ প্ৰশস্ত কৰে। কবিয়ে শেষত কথাষাৰ বুজি পাই নিজৰ দুৰ্বলতাক স্বীকাৰ কৰি তেওঁৰ চৰণত নিজকে সমৰ্পণ কৰিছে।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ : নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপূৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংকে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল "নামঘোষা"। এহেজাৰটা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ'ল ---------
● আখ্যানমূলক ৰচনা - ৰাজসূয়া কাব্য, আদিকাণ্ড ৰামায়ণ।
● তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
● নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
● ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজনবিহাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ, ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন।
পৃষ্ঠা ৪
৪। ব্যাখ্যা কৰা।
(ক) " সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ
মহিমা।" 👍(HSLC'18)
উত্তৰ : উদ্ধৃত পদ্যাংশ আমাৰ পাঠ্যপুথি
"সাহিত্য- সুবাস" অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ
বিৰচিত 'বৰগীত' ৰ পৰা তুলি লোৱা হৈছে।
কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে কবৰ
বাবে উক্ত পক্তিৰ অৱতাৰণা কৰিছে।
ভগৱানৰ মহিমা অপাৰ। সমস্ত জগততে
তেওঁ বিদ্যমান অথচ নিৰাকাৰ। সেই মহিমাক
দৰ্শন কৰি জীৱন সাৰ্থক কৰিবৰ বাবে মহা মহা
যোগীসকলে যুগে যুগে নানা তপস্যা কৰি
আহিছে। কিন্তু সেই মহিমাক বুজিব পৰা নাই
তেন্তে, সংসাৰৰ বিষয় বাসনাত মজ্জিত হৈ
থকা মানুহে তেওঁৰ মহিমা কেনেকৈ বুজিব
সেয়ে, প্ৰশ্নৰ উদ্ৰেগ ঘটিছে। বিষ্ণু, মহেশ্বৰ
প্ৰভৃতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ
দৃষ্টিগোচৰ নোহোৱা ঈশ্বৰৰ মহিমা সেয়ে
মাধৱদেৱৰ দৰে ভক্তৰ দৃষ্টিৰ, বোধগম্যতাৰ
বাহিৰত। তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে
ভগৱানৰ মহিমা বুজাটো সেয়ে সহজ নহয়
কবিয়ে নিজকে অধম বুলি সেই মহিমা
কেনেকৈ বুজি পাব সুধিছে।
(খ) "আতুৰ ভৈলোহো হৰি বিষয় বিকলে
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।"
উত্তৰ : উদ্ধৃত পদ্যাংশ আমাৰ পাঠ্যপুথি
"সাহিত্য- সুবাস" অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ
বিৰচিত 'বৰগীত' ৰ পৰা তুলি লোৱা হৈছে।
সাংসাৰিক বিষয় বাসনাত আতুৰ হৈ পৰা
কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ
ওচৰত মিনতি যাচিছে।
জগত যেন মায়াৰ বিৰাট জাল। মানুহ
জন্ম হোৱাৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন
প্ৰভৃত্তিসমূহৰ জালত আৱদ্ধ হৈ পৰে। আৰু
দিন বাঢ়ি যোৱাৰ লগে লগে এই বন্ধন জটিলৰ
পৰা জটিলতৰ হৈ পৰে। কাম, ক্ৰোধ, লোভ,
মোহ, মদ, মাৎসৰ্য প্ৰভৃতি ৰিপুৰ তাড়নাই
মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ।কবিও এই
বন্ধনৰ পৰা মুক্ত নহয়। সেয়েহে, ভগৱানৰ
ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয়
চৰণত স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত
কৰে। ভগৱান ভক্তিয়েই দৰাচলতে মোহ
সাগৰৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়
কবিয়ে সেয়ে ভগৱানৰ চৰণত মিনতি যাচিছে।
(গ) " তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।"
উত্তৰ : উদ্ধৃত পদ্যাংশ আমাৰ পাঠ্যপুথি
"সাহিত্য- সুবাস" অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ
বিৰচিত 'বৰগীত' ৰ পৰা তুলি লোৱা হৈছে।
ভগৱানৰ চৰণেই যে কবিৰ একমাত্ৰ আশ্ৰয়
সেই কথাষাৰ কবৰ বাবে তেওঁ উক্ত পদ্যাংশৰ
অৱতাৰণা কৰিছে।
জগত যেন মায়াৰ সাগৰ। ইয়াত জন্ম গ্ৰহণ
কৰা প্ৰতিজন মানুহেই মায়াৰ দাস। সময়ৰ
পৰিক্ৰমাত ইয়াৰ বন্ধন জটিলৰ পৰা
জটিলতৰ হৈ পৰে। কবিও এই মায়াৰ বান্ধোনৰ
পৰা স্বতন্ত্ৰ নহয়। পিছে তেওঁ উপলদ্ধি কৰিছে
যে মায়াময় বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ
হ'লে ভগৱানৰ দুখনি চৰণত আশ্ৰয় গ্ৰহণৰ
বাহিৰে আন কোনো পথ নাই। এয়ে তেওঁৰ
জীৱনৰ একান্ত আকাঙ্ক্ষিত মহাধন। ভক্তৰ
কাৰণে ভগৱানেই পৰম আশ্ৰয়। গতিকে,
তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে ভক্তই
আন একোকে কামনা নকৰে।
৫। "সনক সনন্দ যোগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নপায়।"
----- তাৎপৰ্য বিচাৰ কৰাঁ।
উত্তৰ : প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষ সনাতন ধৰ্মৰ পৃষ্ঠপোষকতা কৰি আহিছে। এই ধৰ্ম সাধনাত প্ৰবৃত্তি আৰু নিবৃত্তি অৰ্থাৎ আগম আৰু নিগম শাস্ত্ৰৰ যোগেদি সাধন পদ্ধতি নিৰূপিত কৰা দেখা গৈছে। পিছে পৰিত্ৰাণৰ বাবে দুয়োবিধ পথেই কষ্টকৰ। যোগমাৰ্গ, জ্ঞানমাৰ্গ আদিতকৈ ভক্তিমাৰ্গ উত্তম। সেয়ে সনক, সনন্দ আদি একান্ত ভক্তসকলে সৰ্বহৃদয়েৰে ভগৱানক ধ্যান কৰে। পবিত্ৰ হিয়াৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে তেওঁৰ কৰুণা লাভ কৰিব পাৰি। সেয়ে কবিয়ে কৈছে যে শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত হিয়াৰে হৰিভক্তি কৰাটো বাঞ্ছনীয়। অন্যথা কৰ্ম, যোগ, জ্ঞান আদি কষ্টসাধ্য উপায়েৰে তেওঁৰ কৰুণাবোধ সম্ভৱ নহয়। সেইবাবেই নিগম শাস্ত্ৰৰ যোগেদি দুৰ্লভ প্ৰতিপন্ন হোৱা ভগৱানৰ প্ৰতি একান্ত ভক্তিভাব প্ৰদৰ্শন কৰা হৈছে।
৬। বৰগীতৰ চাৰিটা/ছয়টা লক্ষণৰ বিষয়ে লিখা।👍(HSLC'16,'18)
উত্তৰ : বৰগীতৰ চাৰিটা/ছয়টা লক্ষণৰ বিষয়ে উল্লেখ কৰা হ'ল ------
১/ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত ।
২/ বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩/ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক।
৪/ শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য বৰগীতসমূহ ৰচিত।
৫/ বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
৬/ মাধৱদেৱৰ বৰগীতসমূহ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে।
ভাষা বিষয়কঃ
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
নপাৱন্ত : নাপায়
কেনে : কেনেকৈ, কেনেদৰে
ভৈলোহো : হ'লো
তুমিসে : তুমিয়েই
জনেৰ : জনৰ
কহয় : কয়
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্টসমূহ উল্লেখ কৰা।👍(HSLC'16,' 17)
উত্তৰ : ব্ৰজাৱলী ভাষাৰ বৈশিষ্টসমূহ উল্লেখ কৰা হ'ল ------
১/ ই এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা।
২/ পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
৩/ এই ভাষাৰ মূল ভেটি মৈথিলী।
৪/ ইয়াৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে।
৫/ ই এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ।
অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী
A. অতি চমু প্ৰশ্নাৱলী ( মূল্যাংক : ১ নম্বৰকৈ)
১। মাধৱদেৱৰ জন্মস্থান কি?
উত্তৰ : লক্ষীমপূৰ জিলাৰ নাৰায়ণপুৰৰ
লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়।
২। মাধৱদেৱৰ পিতৃৰ নাম কি?
উত্তৰ : মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি
ভূঞা।
৩। মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা
কিমান?
উত্তৰ : ১৫৭।
৪। মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ
কৰিছিল?
উত্তৰ : ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত।
৫। মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে
মিলিত হয়?
উত্তৰ : ধুৱাহাট বেলগুৰিত।
৬। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ
বুলিলে কোনখন পুথিক বুজায়?
👍(HSLC'18)
বা
মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি?
উত্তৰ : নামঘোষা।
৭। মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন
কৰে?
উত্তৰ : আদিকাণ্ড ৰামায়ণ।
৮। মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল?
উত্তৰ : ভেলাসত্ৰ, কোচবিহাৰ।
৯। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি?
উত্তৰ : দাস্যমূলক ভক্তিৰস।
১০। মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম
কি?
উত্তৰ : ৰাজসূয় কাব্য।
১১। মাধৱদেৱৰ দ্বাৰা ৰচিত এখন ঝুমুৰাৰ
নাম লিখা?
উত্তৰ : চোৰধৰা।
১২। মাধৱদেৱৰ দ্বাৰা প্ৰণীত এখন
তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা ?
উত্তৰ : জন্মৰহস্য।
১৩। মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন ক'ত
আৰম্ভ কৰে?
উত্তৰ : নাৰায়ণপুৰ।
১৪। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম
শিষ্য আছিল?
বা
মাধৱদেৱৰ গুৰু কোন আছিল?
উত্তৰ : শ্ৰীশ্ৰী শংকৰদেৱ।
১৫। মাধৱদেৱে ক'ত সত্ৰ স্থাপন কৰে?
উত্তৰ : কোচবিহাৰ।
১৬। 'নামঘোষা'ক আৰু কি নামেৰে জনা
যায়?
উত্তৰ : হেজাৰী ঘোষা।
১৭। 'অৰ্জুন-ভঞ্জন' নাটকখন কোনে ৰচনা
কৰিছিল?
উত্তৰ : মাধৱদেৱে।
১৮। মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে কি
ভক্তিৰ ভাব প্ৰকাশ পাইছে?
উত্তৰ : বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ
ঘটিছে।
১৯। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ"
----- "ছোড়" শব্দৰ অৰ্থ লিখা।
উত্তৰ : "ছোড়" মানে "ছিঙি দিয়া"।
২০। মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনাৰ
নাম লিখা?
উত্তৰ : ৰাজসূয়া কাব্য, আদিকাণ্ড ৰামায়ণ।
২১। শংকৰদেৱে কিমানটা বৰগীত ৰচনা
কৰিছিল বৰ্তমান কিমানটা পোৱা
গৈছে?
উত্তৰ : শংকৰদেৱে ১২০ টা বৰগীত ৰচনা
কৰিছিল বৰ্তমান ৩৪ টা পোৱা গৈছে।
২২। মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে
মিলিত হয়?
উত্তৰ : ধুৱাহাট বেলগুৰিত।
২৩। শব্দাৰ্থ লিখা:
যাহাকু - যিজনক।
ধিয়ায় - ধ্যান কৰে।
নিগমে - নিগম শাস্ত্ৰ।
বিষয়ে বিকলে - সাংসাৰিক দুখ, বিষয়
বাসনাত কাতৰ।
শৰণ - আশ্ৰয়।
ছোড় - ত্যাগ কৰা।
মোহ-পাশ - মায়াৰ বন্ধন।
B. চমু প্ৰশ্নাৱলী (মূল্যাংক :২/৩ নম্বৰকৈ)
১। মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত
হৈছিল?
উত্তৰ : ১৪৮৯ চনত লক্ষীমপূৰ জিলাৰ
নাৰায়ণপুৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ
জন্ম হয়।
২। মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ : মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি
ভূঞা আৰু মাতৃৰ মনোৰমা ভূঞা।
৩। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন
কি কি?
উত্তৰ : চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি
লেটোৱা, ভোজনবিহাৰ।
৪। মাধৱদেৱৰ দ্বাৰা প্ৰণীত তত্ত্বমূলক গ্ৰন্থ বা
তত্ত্বগধূৰ ৰচনাসমূহ কি কি?
উত্তৰ : জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
৫। মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি
উত্তৰ : ৰাজসূয়া কাব্য, আদিকাণ্ড ৰামায়ণ।
৬। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম
লিখা?
উত্তৰ : অৰ্জুন ভঞ্জন আৰু দধিমথন।
৭। বৰগীতৰ তিনিটা প্ৰধান বৈশিষ্ট্য উল্লেখ
কৰা।👍[HSLC '16]
উত্তৰ : বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ
কৰা হ'ল ------
১/ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত
গীত ।
২/ বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩/ বৰগীত ভক্তিভাব প্ৰকাশক।
৮। মানৱদেৱে ক'ত ক'ত ধৰ্মপ্ৰচাৰ
কৰিছিল?
উত্তৰ : বাৰাদি, গণককুছি, সুন্দৰীদিয়া,
মধুপুৰ।
৯। "আতুৰ ভৈলোহো হৰি বিষয় বিকলে।"
ইয়াত বিষয় বিকল মানে কি বুজাইছে?
উত্তৰ : মানুহ জন্মৰে পৰা সংসাৰৰ মায়া
বন্ধনত আৱদ্ধ হৈ পৰে। ফলত ঈশ্বৰৰ প্ৰতি
কোনো ধৰণৰ আগ্ৰহ নাথাকে। জগতখন
আৰু ইয়াৰ বৈভৱক শ্ৰেয়ঃ মানি
জীৱনযাত্ৰাত আগবাঢ়ি যায়। আৰু এটা
সময়ত এই সকলোবোৰ হৈ উঠে
একপ্ৰকাৰৰ এৰাব নোৱাৰা বোজা।
সেয়েহে সাংসাৰিক দুখ, বিষয় বাসনাত
কাতৰ হোৱাকে ইয়াত বিষয় বিকল বুলি
কোৱা হৈছে।
১০। "তোমাৰ চৰণ দুই মোৰ মহা ধন।" ইয়াত
উল্লেখ কৰা 'মহাধন' মানে কি?
উত্তৰ : কবিয়ে উপলব্ধি কৰিছে যে মায়াময়
সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰি
থাকিবলৈ হ'লে ভগৱন্তৰ দুখনি চৰণত
আশ্ৰয় গ্ৰহণৰ বাহিৰে আন কোনো পথ
নাই। সেয়ে তেওঁ কৈছে যে কবিৰ বাবে বাবে
সকলোৰে ঊৰ্দ্ধত হৈছে ভগৱানৰ অভয়
চৰণ গ্ৰহণ। আৰু এয়ে হৈছে ইয়াত উল্লেখ
কৰা মহাধনৰ অৰ্থ।
১১। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।"
ইয়াত কি মোহপাশৰ কথা কোৱা হেছে?
উত্তৰ: জগতৰ প্ৰতিজন যাত্ৰীয়েই ভগৱানক
বিচাৰি সাধনা কৰে। জীৱনত সন্মূখীন
হোৱা জাগতিক মায়া-মোহত অতীষ্ট হৈ
পৰে। অৱশেষত উপলব্ধি কৰে যে
ভগৱানেই মাথো বচাব পাৰিব। এতেকে
ইয়াত মোহপাশ মানে হৈছে মায়াৰ বন্ধন
অথবা মায়াৰ ফান্দ।
১২। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।
কহয় মাধৱ হৰি দাসকু দাস।"
---- পদফাঁকিৰ জৰিয়তে বক্তাৰ কেনে
মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰ : কবিয়ে জগতৰ মায়া বন্ধনত আৱদ্ধ হৈ ককবকাইছে। এতিয়া তেওঁ সেই বন্ধনৰ পৰা মুক্ত হব বিচাৰিছে। ভগৱানৰ ওচৰত যোৱাৰ বাহিৰে তাৰ ওচৰত আৰু কোনো উপায় নাই। সেয়ে তেওঁ ভগৱানৰ চৰণকে মহাধন জ্ঞান কৰিছে। উক্ত পদফাঁকিৰ জৰিয়তে বক্তাৰ বাৎসল্য, দাস্য আৰু সাম্যভাবৰ মনোভাৱ প্ৰকাশ পাইছে।
১৩। শংকৰদেৱ আৰু মাধৱদেৱ
কিমানটাকৈ বৰগীত ৰচনা কৰিছিল?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে মুঠ ৩৪ টি আৰু
মাধৱদেৱে ১৫৭ টি বৰগীত ৰচনা কৰে।
গতিকে দুয়োজনৰ সৰ্বমুঠ গীতৰ সংখ্যা ১৯১
টা।
C. ৰচনাধৰ্মী প্ৰশ্নাৱলী (মূল্যাংক :৪/৫ নম্বৰকৈ)
১। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ : পাঠ্যপুথিৰ ৩ নং প্ৰশ্নৰ উত্তৰ।
২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ : পাঠ্যপুথিৰ ২ নং প্ৰশ্নৰ উত্তৰ।
৩। বৰগীতৰ সাৰাংশ লিখা।
উত্তৰ : কবিয়ে হৰিৰ চৰণত শৰণ লৈ কাতৰভাৱে অনুৰোধ জনাইছে যাতে কৃষ্ণই তেওঁক জীৱনে মৰণে কেতিয়াও নেৰে।
সনক, সনন্দ আদি একান্ত ভক্তসকলে
সৰ্বহৃদয়েৰে ভগৱানক ধ্যান কৰে। পবিত্ৰ
হিয়াৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে তেওঁৰ কৰুণ
লাভ কৰিব পাৰি। সেয়ে কবিয়ে কৈছে যে
শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত হিয়াৰে
হৰিভক্তি কৰাটো বাঞ্ছনীয়।
ভগৱানৰ মহিমা অপাৰ। সমস্ত জগততে তেওঁ বিদ্যমান অথচ নিৰাকাৰ। সেই মহিমাক দৰ্শন কৰি জীৱন সাৰ্থক কৰিবৰ বাবে মহা মহা যোগীসকলে যুগে যুগে নানা তপস্যা কৰি আহিছে। কিন্তু সেই মহিমাক বুজিব পৰা নাই। তেন্তে, সংসাৰৰ বিষয় বাসনাত মজ্জিত হৈ থকা মানুহে তেওঁৰ মহিমা কেনেকৈ বুজিব। কবিয়ে নিজকে অধম বুলি সেই মহিমা কেনেকৈ বুজি পাব সুধিছে।
জগত যেন মায়াৰ বিৰাট জাল। মানুহ জন্ম হোৱাৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন প্ৰভৃত্তিসমূহৰ জালত আৱদ্ধ হৈ পৰে। কবিও এই বন্ধনৰ পৰা মুক্ত নহয়। সেয়েহে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণত স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰে।
মায়াময় বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ হ'লে ভগৱানৰ দুখনি চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে আন কোনো পথ নাই। এয়ে তেওঁৰ জীৱনৰ একান্ত আকাঙ্ক্ষিত মহাধন। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয়।
ভগৱান কৃপাৰ সাগৰ। প্ৰকৃত ভক্তক সি কৃপা নকৰাকৈ নাথাকে। তেওঁ কৃপা কৰিবই। কবিয়ে অতি অনুনয় বিনয়েৰে তেওঁৰ কাষ চাপিছে। মাত্ৰ এবাৰ তেওঁৰ কৃপাৰ আশা কৰিছে। কবিয়ে হৰিৰ এবাৰৰ কৃপায়ে তেওঁৰ জীৱন যে ধন্য কৰি তুলিব এই কথাটো বুজি পাইছে।
মোহৰ বান্ধোনেই আমাক ভগৱানক সেৱা কৰাৰে পৰা পৃথক কৰি থয়। যাৰ ফলত ইচ্ছা কৰিও আমি অন্তৰেৰে তেওঁৰ সেৱা কৰিব নোৱাৰোঁ। সৰ্বশেষত হৰিৰ দাস হৈ তেওঁৰ সেৱা কৰাটোকে মাধৱদেৱে শ্ৰেষ্ঠ জ্ঞান কৰিছে।
৪। বৰগীতৰ সজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : অসমত নৱ-বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে চৈধ্য প্ৰসঙ্গত উপযোগীকৈ ৰচিত গীতবোৰকে বৰগীত বুলি কোৱা হয়।
বৰগীতৰ বৈশিষ্ট্যসমূহৰ বিষয়ে উল্লেখ কৰা হ'ল ------
১/ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত ।
২/ বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩/ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক।
৪/ শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য বৰগীতসমূহ ৰচিত।
৫/ বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
৬/ মাধৱদেৱৰ বৰগীতসমূহ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে।
৭/ দাস্যভক্তি মাধৱদেৱৰ প্ৰায়বোৰ গীতত লক্ষ্য কৰা হয়।
৮/ শিশু কৃষ্ণৰ শিশুসুলভ চোৰ, চাতুৰী, লীলা, বিৰহ, পৰমাৰ্থ ইত্যাদি বিভিন্ন বিষয়ে গীতত ঠাই পাইছে।
৯/ বৰগীতৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাবৰ পৰা মুক্ত।
১০/ বৰগীতসমূহ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য ৰচিত।
৫। "সনক সনন্দ যোগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নপায়।"
----- তাৎপৰ্য বিচাৰ কৰাঁ।
উত্তৰ: পাঠ্যপুথিৰ ৫ নং প্ৰশ্নৰ উত্তৰ।
৬। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা:
(ক) সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।।
উত্তৰ : উদ্ধৃত পদ্যাংশ আমাৰ পাঠ্যপুথি
"সাহিত্য- সুবাস" অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ
বিৰচিত 'বৰগীত' ৰ পৰা তুলি লোৱা হৈছে।
কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে ক'বৰ
বাবে উক্ত কথাৰ অৱতাৰণা কৰিছে।
সনক, সনন্দ আদি একান্ত ভক্তসকলে
সৰ্বহৃদয়েৰে ভগৱানক ধ্যান কৰে। পবিত্ৰ
হিয়াৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে তেওঁৰ কৰুণ
লাভ কৰিব পাৰি। সেয়ে কবিয়ে কৈছে যে
শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত হিয়াৰে
হৰিভক্তি কৰাটো বাঞ্ছনীয়। অন্যথা কৰ্ম, যোগ,
জ্ঞান আদি কষ্টসাধ্য উপায়েৰে তেওঁৰ
কৰুণাবোধ সম্ভৱ নহয়। সেইবাবেই নিগম
শাস্ত্ৰৰ যোগেদি দুৰ্লভ প্ৰতিপন্ন হোৱা ভগৱানৰ
প্ৰতি একান্ত ভক্তিভাব প্ৰদৰ্শন কৰা হৈছে।
(খ) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।।
উত্তৰ : পাঠ্যপুথিৰ ৪ নং প্ৰশ্নৰ (ক)' ৰ উত্তৰ।
(গ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
উত্তৰ : পাঠ্যপুথিৰ ৪ নং প্ৰশ্নৰ (খ)' ৰ উত্তৰ।
(ঘ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।।
উত্তৰ : পাঠ্যপুথিৰ ৪ নং প্ৰশ্নৰ (গ)' ৰ উত্তৰ।
98 Comments
assamese book class x
কবিতাটোৰ প্ৰশ্নোত্তৰবোৰ post কৰিব পাৰিব নেকি ?
|
সেৱা ~ ডিম্বেশ্বৰ নেওগ।
সেৱা ~ ডিম্বেশ্বৰ নেওগ। পাঠটিৰ প্ৰশ্ন উত্তৰ সমুহ দিবনে অনুগ্ৰহ কৰি