Class 10 Assamese । সাহিত্য সুবাস। Lesson 6. সাহিত্য জীৱনৰ অমিয়া - নীলমণি ফুকন

পৃষ্ঠা নং - ৩৪

ভাব বিষয়ক
১। অতি চমু উত্তৰ লিখা:
     (ক) শুকান নেমু টেঙা এটা তেলত পেলাই
     থ'লে সি কি হৈ পৰে?
     উত্তৰ : শুকান নেমু টেঙা এটা তেলত
     পেলাই থ'লে সি আচাৰ হৈ পৰে।
   
     (খ) শুকান নীৰস বাক্য ৰসাল কৰি তুলিলে
      সি কি হৈ পৰে?
     উত্তৰ : শুকান নীৰস বাক্য ৰসাল কৰি তুলিলে
     সি মহাকাব্য হৈ পৰে।
    
     (গ) বাল্মিকীৰ সুপ্ত - প্ৰতিভাক কোনে সাৰ
     পোৱাই দিছিল?
     উত্তৰ : বাল্মিকীৰ সুপ্ত - প্ৰতিভাক শৰ-বিদ্ধ
     চাকৈ-চকোৱা হালিৰ কৰুণ ক্ৰন্দনে হাৰ
     পোৱাই দিছিল।
    
     (ঘ) "এওঁলোকৰ ৰূপৰ ফুটত পেলাব
     পাৰিলে কুলি-কেতেকীৰ মাততো মৌ
     বৰষে।" -- কাৰ ৰসৰ ফুটত পেলাব পাৰিলে
     কুলি কেতেকীৰ মাততো মৌ বৰষে?
      উত্তৰ :
   
     (ঙ) মুনিকন্যা শকুন্তলাৰ লগৰী দুগৰাকীৰ
      নাম কি কি?
      উত্তৰ : মুনিকন্যা শকুন্তলাৰ লগৰী দুগৰাকীৰ
      নাম হ'ল -- প্ৰিয়দম্বদা আৰু অনসূয়া।
   
     (চ) কন্বমুনিৰ আশ্ৰমত কোন মৃগয়াভিলাসী
      ৰজাই প্ৰবেশ কৰিছিল?
      উত্তৰ : কন্বমুনিৰ আশ্ৰমত মৃগয়াভিলাসী
      ৰজা দুষ্মন্তই প্ৰবেশ কৰিছিল।
   
     (ছ) আত্মাৰ জিৰণি লোৱা ঠাই বুলি কিহক
      ক'ব পাৰি?
      উত্তৰ : আত্মাৰ জিৰণি লোৱা ঠাই বুলি
      সুৰ লোকক ক'ব পাৰি।

২। আশ্ৰমত শকুন্তলাই কি কি দেখিছিল?
উত্তৰ : আশ্ৰমত বিভিন্ন প্ৰাকৃতিক পৰিঘটনাবোৰ দেখিছিল শকুন্তলাই। আশ্ৰমৰ স্বাভাৱিক সৌন্দৰ্য।সহজ সৰল আশ্ৰৱবাসীৰ তপঃক্লিষ্ট জীৱন। আশ্ৰমৰ তৰু-তৃণ লতা। আৰু লগতে তেওঁৰ লগৰী অনুসূয়া আৰু প্ৰিয়ম্বদা তথা মৃগায়াভিলাসী ৰজা দুষ্মন্তক দেখিছিল।

৩।কি ৰহস্য ভেদ কৰিবলৈ মানুহৰ কি কি বৃত্তিয়ে চিৰকাল চেষ্টা কৰি আছে বুজাই লিখা।
উত্তৰ : মানুহৰ লগত সৃষ্টিৰ যাৱতীয় পদাৰ্থৰ সম্বন্ধ কি - এই ৰহস্য ভেদ কৰিবলৈকে মানুহৰ মন, বুদ্ধি, ইন্দ্ৰিয়াদি বৃত্তিবিলাকে চিৰকাল অক্লান্ত চেষ্টা কৰি আছে।
           এই ৰহস্য এফালে ভেদ কৰিবলৈ যাওঁতে আনফালে খুন্দা খাই উলটি আহে। কাৰণ এটা মাত্ৰ নিৰ্দিষ্ট দিশত এই প্ৰক্ৰিয়াটো বান্ধ খাই থকা নাই। ই অসংখ্য ৰসহ্যৰ সমষ্টি। তথাপিও এই ৰহস্য উদ্ঘাটন প্ৰক্ৰিয়া নিৰৱিচ্ছিন্ন ভাৱে চলিয়েই আছে।
           পিছে সাহিত্যিকসকলৰ দৃষ্টিৰে এই ৰহস্য উদ্ঘাটনৰ পথ মসৃণ হৈ পৰে। কাৰণ সিহঁতে মন, বুদ্ধি আৰু ইন্দ্ৰিয়াদিক ৰসহ্য ভেদ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই আনি আত্মাৰ  লগত যোগসূত্ৰ স্থাপন কৰে। এই যোগসূত্ৰৰ সহায়েৰে ৰসহ্য ভেদ কৰাৰ চেষ্টা কৰিব লাগিব। নিজৰ দেহাত বিচাৰিলেই গোটেই জগতখন পোৱা যায় বোলা কথাষাৰৰ অৰ্থও এয়ে। স্ব-প্ৰকাশ আত্মাই যেতিয়া নিজৰ ওপচা পোহৰ পেলাই দিয়ে, তেতিয়া তাৰ পোহৰত অতি ক্ষীণ জ্যোতিৰ বস্তুও উজ্জ্বল হৈ পূৰ্ণভাবে দেখা দিয়ে। আত্মাৰ ফলক-কাঁচত প্ৰতিফলিত হ'ব নোৱাৰা সৃষ্টিত কোনো সুক্ষ্মতম পদাৰ্থই নাই কাজেই, অন্তৰ্দৃষ্টিৰে আত্মাত প্ৰতিফলিত হোৱা সৃষ্টিৰ বাহিৰ-ভিতৰখন চাৰি চুক মাৰি চাব জানিলেই, সৃষ্টিৰ চাৰি মুঠি জীৱই আত্মীয় বা আপোন হৈ পৰে।
          

৪। ব্যাখ্যা কৰা :
     (ক) আত্মাৰ ফলক-কাঁচত প্ৰতিফলিত হ'ব
      নোৱাৰা সৃষ্টিত কোনো সুক্ষ্মতম পদাৰ্থই
      নাই।
      উত্তৰ : উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি
      'সাহিত্য সুবাস'ৰ অন্তৰ্গত নীলমণি ফুকনদেৱে
      ৰচনা কৰা 'সাহিত্য জীৱনৰ অমিয়া' নামৰ
      পাঠটিৰ পৰা লোৱা হৈছে।
                 উক্ত কথাফাঁকিৰ দ্বাৰাই লেখকে
      আত্মাৰ স্বচ্ছতা আৰু শক্তিৰ বিষয়ে কব
      বিচাৰিছে।
                 আত্মা এক বিৰাট ৰসহ্য। আৰু আমি
      এই ৰহস্যৰ সহায়ত পৃথিৱীখনৰ, প্ৰতিটো
      বস্তুক আমাৰ মনৰ মাজত অনুভৱ কৰিব
      পাৰোঁ, বিশ্লেষণ কৰিব পাৰোঁ। স্ব-প্ৰকাশ
      আত্মাই যেতিয়া নিজৰ ওপচা পোহৰ পেলাই
      দিয়ে, তেতিয়া তাৰ পোহৰত অতি ক্ষীণ
      জ্যোতিৰ বস্তুও উজ্জ্বল হৈ পূৰ্ণভাবে দেখা
      দিয়ে। শিল্প-সাহিত্যিকসকলে নিজৰ প্ৰতিভা
      কৰ্মৰ দ্বাৰা যেনেদৰে সমস্ত পৃথিৱীখনক
      নিজৰ আত্মাত স্থাপিত কৰাই আমাৰ চকুৰ
      আগত তুলি ধৰে। তেনেদৰে, অৰ্ন্তদৃষ্টিৰে
      আত্মাত প্ৰতিফলিত হোৱা সৃষ্টিৰ বাহিৰ
      ভিতৰখন চাৰি চুক-কোণ মাৰি চাব জানিলেই
      আমিও সৃষ্টিৰ চাৰি মুঠি জীৱক আমাৰ
      আপোন কৰি নিজৰ আত্মাতেই সৃষ্টিৰ
      প্ৰতিটো বস্তুক উপলব্ধি কৰিব পাৰিম। সেয়েহ
      কোৱা হৈছে আত্মাৰ ফলক-কাঁচত
      প্ৰতিফলিত হ'ব নোৱাৰা সৃষ্টিত কোনো
      সুক্ষ্মতম পদাৰ্থই নাই।
                
     (খ) সৃষ্টিত সদায় এটি অনাহত ধ্বনি উঠিব
      লাগিছে।
      উত্তৰ : উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি
      'সাহিত্য সুবাস'ৰ অন্তৰ্গত নীলমণি ফুকনদেৱে
      ৰচনা কৰা 'সাহিত্য জীৱনৰ অমিয়া' নামৰ
      পাঠটিৰ পৰা লোৱা হৈছে।
                 উক্ত কথাফাঁকিৰ দ্বাৰাই লেখকে
      সকলো সৃষ্টিৰ অন্তৰালত লুকাই থকা মহিমাৰ
      কথা প্ৰকাশ কৰিব বিচাৰিছে।
                 সৃষ্টিত আৰম্ভণিৰে পৰাই সমস্ত
      জগতখনৰ প্ৰতিটো পদাৰ্থতেই একো একোটা
      ধ্বনি নিহিত হৈ আছে। সৃষ্টিশীল মনৰ
      অধিকাৰী প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰতো
      নিৰন্তৰে এক ধ্বনি বাজি থাকে। সৃষ্টিৰ ধ্বনি
      আৰু ব্যক্তিৰ অন্তৰৰ ধ্বনি একাত্ম হোৱাৰ
      ফলস্বৰূপে সৃষ্টি হয় নতুন নতুন কলাৰ। এনে
      ধ্বনি মানৱ আত্মাই উপলব্ধি কৰাৰ বাবেই
      সৃষ্টিৰ মিলন আৰু একত্ববোধ ৰক্ষা হৈছে
      পিছে সকলোৰে শ্ৰৱণেন্দ্ৰিয়ই তাক গ্ৰহণ
      কৰিব নোৱাৰে। যেতিয়া ই আমাৰ প্ৰাণত
      আঘাত কৰে, তেতিয়াই তাক অনুধাৱন কৰিব
      পৰা যায়।একোটা ডাঙৰ ঢেৰেকনিয়ে হঠাৎ
      কাণত তাল মাৰিলে একোজন মানুহ
      একেবাৰে কলা হৈ পৰে। সেইদৰে বিশ্বব্ৰক্ষ্মাণ্ড
      কপাঁই তোলা এই ওঙ্কাৰ ধ্বনিৰ নিনাদেও
      আমাৰ কাণ কলা কৰি থৈছে। সেই বাবেই এই
      ধ্বনি শ্ৰৱণেন্দ্ৰিয়ৰ সহায়ত ধৰা টান। এই সুৰ
      লোককেই সময়ত আত্মাৰ জিৰণি লোৱা ঠাই
      বুলিব পাৰি। আত্মাই ইয়াতেই স্বাস্থ্য লাভ
      কৰে।

     (গ) মানৱাত্মাই উপলদ্ধি কৰিলে যে সৃষ্টিৰ
      সকলো পদাৰ্থৰ মাজতেই এই সুৰ বাজিব
      লাগিছে।
      উত্তৰ : উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি
      'সাহিত্য সুবাস'ৰ অন্তৰ্গত নীলমণি ফুকনদেৱে
      ৰচনা কৰা 'সাহিত্য জীৱনৰ অমিয়া' নামৰ
      পাঠটিৰ পৰা লোৱা হৈছে।
                 উক্ত কথাফাঁকিৰ দ্বাৰাই লেখকে মানৱ
      আত্মাৰ ওপৰত যে সুৰ শব্দৰ বিশেষ প্ৰভাৱ
      আছে তাকে প্ৰকাশ কৰিব বিচাৰিছে।
                 ধ্বনিৰ গুৰুত্ব মানৱ জীৱনত
      অপৰিসীম। অতীজৰে পৰাই এই ধ্বনি সৃষ্টিৰ
      প্ৰতিটো পদাৰ্থতে নিহিত হৈ আছে। এই
      ধ্বনিসমূহ মানৱ আত্মাত ধৰা দিয়ে সুৰ
      হিচাপে। সুৰ যিয়ে মানৱ এটাক তাৰ আত্মাৰ
      দ্বাৰাই সৃষ্টিশীল কৰ্মত নিয়োজিত হ'বৰ বাবে
      প্ৰেৰিত কৰে। চিত্ৰকাৰে চিত্ৰ শিল্পীত, গায়কে
      সুৰত, বাদকে বাজনাত, আৰু অন্যান্য
      সকলো ধৰণৰ শিল্পীয়ে নিজস্ব সুকীয়া
     পৰিবেশত সেই ধ্বনি শুনি পায়। যেতিয়া তাৰ
      কঁপনিয়ে আহি আমাৰ প্ৰাণত আঘাত দিয়ে
      তেতিয়া তাক উপলব্ধি কৰা যায়। এই সুৰ
      লোককেই সময়ত আত্মাৰ জিৰণি লোৱা ঠাই
      বুলিব পাৰি। আত্মাই ইয়াতেই স্বাস্থ্য লাভ
      কৰে।

৫। "তেওঁলোকে তেজী গোলাপকো আৰু ৰাঙলী কৰি বোলাব পাৰে, পদুমৰ পাহিটিকো আৰু নিমজ কৰি সুখ-শীতলা কৰি তুলিব পাৰে।" 'তেওঁলোকে' পদটিৰদ্বাৰা কাৰ কথা কোৱা হৈছে? তেওঁলোকে কিহৰদ্বাৰা 'তেজী গোলাপ' আৰু 'পদুমৰ পাহিটিক' নিমজ আৰু সুখ-শীতলা কৰি তোলে?
উত্তৰ : "তেওঁলোকে" পদটিৰদ্বাৰা সাহিত্য আৰু সুকুমাৰ কলাৰ উপাসক সকলৰ কথা কোৱা হৈছে। তেওঁলোকে ৰসসৃষ্টিৰ দ্বাৰা 'তেজী গোলাপ' আৰু 'পদুমৰ পাহিটিক' নিমজ আৰু সুখ-শীতলা কৰি তোলে?

৬। চমু পৰিচয় দিয়া:

      সাতসৰী হাৰ : ই হৈছে ডিঙিত পিন্ধা সপ্তমণি
      যুক্ত হাৰ। পুৰণি অসমীয়া নাৰীৰ অলংকাৰৰ
      ভিতৰত ইও অন্যতম। সাতসৰী অতি
      গাম্ভীৰ্যপূৰ্ণ অলংকাৰ হোৱাৰ উপৰি
      অভিজাত্যৰো প্ৰতীক। এই হাৰ প্ৰস্তুত কৰা
      হয় মণি, মুক্তা আদিৰে।

      বাল্মিকী : আদিকবি নামেৰে বিভূষিত
      বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল। তেওঁ
      এদিন স্নান তৰ্পণ কৰিবলৈ যাওঁতে এযুৰি
      চাকৈ-চকোৱা চৰাই এটা ব্যাধৰ শৰত শৰবিদ্ধ
      হোৱাত তেওঁৰ অন্তৰত শোকৰ উদ্ৰেক হয়
      আৰু আপোনা আপুনি এটা শ্লোক ওলাই
      আহে। ব্ৰক্ষ্মা আৰু নাৰদৰ পৰামৰ্শত তেওঁ
      পিছত মহাকাব্য ৰামায়ণ ৰচনা কৰে।

      কালিদাস : এওঁ বিক্ৰমাদিত্য ৰজাৰ
      ৰাজসভাৰ প্ৰধান কবি আছিল। তেওঁ
      নৱৰত্নৰ মুখ্য ৰত্ন। তেওঁৰ ৰচনা সমূহ হ'ল
      মেঘদূত, ৰঘুবংশ, বিক্ৰমোৱৰ্ষীয়ম, অভিজ্ঞান,
      শকুন্তলম, মালৱিকা অগ্নিমিত্ৰম, কুমাৰ
      সম্ভৱম তেওঁৰ ৰচনা। তেওঁ উপমাৰ বাবে
      ভাৰতবৰ্ষ বিখ্যাত।

      ছেক্সপিয়েৰ : এওঁ জগত বিখ্যাত নাট্যকাৰ
      তেওঁ কেইবাখনো ট্ৰেজেডি ৰচনা কৰে। The
      Tempest, King Lear, Macbeth আদি
      তেওঁৰ প্ৰমুখ ৰচনা। তেওঁ ৰমন্যাসিক যুগৰ
      শ্ৰেষ্ঠ নাট্যকাৰ।

      মিৰিণ্ডা : মিৰিণ্ডা ছেক্সপিয়েৰৰ ৰচিত
      বিখ্যাত নাটক The Tempest ৰ এটি
      শক্তিশালী চৰিত্ৰ। নিৰ্জন দ্বীপত মিৰিণ্ডাই
      দেউতাক প্ৰছপেৰুৰ বাহিৰে আন কোনো
      মানুহকে দেখা নাছিল। নাট্যকাৰে The
      Tempest নাটকখনত নিৰ্জন দ্বীপত
      মিৰিণ্ডাৰ প্ৰেমৰ কাহিনীৰে মোহনীয় কৰি
      তুলিছে। ফাৰ্ডিনেণ্ড আৰু মিৰিণ্ডাৰ প্ৰেমে
      নাটকখনত প্ৰাধান্য লাভ কৰিছে। দুষ্মন্ত
      শকুন্তলাৰ দৰে এই প্ৰেমো অনিৰ্বচনীয়।

      বুদ্ধদেৱ : ৰজা শুদ্ধোধনৰ পুত্ৰ গৌতমে
      তপস্যাৰ অন্তত বুদ্ধদেৱ নামেৰে পৰিচিত হয়।
      পিছত তেওঁ বৌদ্ধ ধৰ্ম প্ৰৱৰ্ত্তন কৰি প্ৰচাৰত
      আত্মনিয়োগ কৰে। তেওঁৰ বাণীসমূহ
      ত্ৰিপিটকত লিপিৱদ্ধ হৈছে। এই ধৰ্মত
      পঞ্চশীল নীতিত বিশ্বাস কৰা হয়।

      নায়েগ্ৰা : ই হৈছে এটি বিখ্যাত জলপ্ৰপাত।
      এই জলপ্ৰপাত প্ৰকাণ্ড প্ৰকাণ্ড শব্দ কৰি
      দিনে- ৰাতিয়েই উঠি থাকে। বিশ্বত এনে বহু
      জলপ্ৰপাত আছে, যিবোৰ সূক্ষ্ম, অথচ বৃহৎ।
      নাইজেৰিয়াত এই জলপ্ৰপাত অৱস্থিত, ই
      পশ্চিম আফ্ৰিকাৰ অন্তৰ্গত।

৭। "কালিদাসৰ প্ৰতিভাই আমাক আৰু এটি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে।"
___ কালিদাসৰ আমাক কি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিছে বৰ্ণনা কৰা।
উত্তৰ : আমি সাধাৰণতে ভাবো, মানুহ যেনে বাহ্যিক অৱস্থাৰ মাজত ডাঙৰ-দীঘল হয়, তাৰ ছাঁ এটা চৰিত্ৰ আৰু মনোবৃত্তিবিলাকৰ ওপৰতো পৰে। সেয়ে হ'লেও, সি ছাঁহে-গা হ'ব নোৱাৰে।
          প্ৰাকৃতিক জগতৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ মনৰো কি ধৰণৰ ভাব পৰিবৰ্তন হয়, সেই সূক্ষ্ম সম্বন্ধ কালিদাসৰ কাব্য-প্ৰতিভাত ধৰা পৰে।এই গভীৰ সত্যৰ অনুভূতি হৈছিল বাবেই কালিদাসে এডোখৰ ক'লা ডাৱৰকে মেঘদূত কৰি, ইন্দ্ৰৰ অমৰাৱতীকো জিনিবপৰা অলকাপুৰীত সুমুৱাই দি, বিৰহ-অৱস্থাত স্বল্পাভৰণা এগৰাকী বিৰহিণী যক্ষপত্নীৰ মণি-মুক্তা সিচঁৰিত হৈ পোহৰ কৰি থোৱা অন্তঃপুৰলৈ পঠিয়াই, সেই অৱস্থাত বিৰহী যক্ষৰ গুপুত সম্বাদ দিবলৈ পাব কৰিব পাৰিছিল। কালিদাসৰ প্ৰতিভাই এইখিনিতেই অন্তৰ্জগত-বহিৰ্জগতক সানি-পুতকি একেটি লাড়ু কৰিব পৰা বিধৰ আছিল। কালিদাসৰ প্ৰতিভাই আমাক এনে এটি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিছে।

৮। একোজন শিল্পীয়ে তেওঁৰ তুলিকা চালনাত কৌশল প্ৰয়োগ কৰি-মানুহৰ মনত কেনে‌ ধাৰণাৰ বিশ্বাস জন্মায় তাক বুজাই লিখা।
উত্তৰ : একোজন শিল্পীয়ে তেওঁৰ তুলিকা চালনাত এনে কৌশল দেখুৱাব পাৰে যে, বেৰত আঁৰি থোৱা ছবি এইখনতেই ইপাৰ সিপাৰ নেদেখা সাগৰ ভ্ৰম হয়; সদ্য-স্নাতা তিৰোতা এগৰাকীৰ তিতা কাপোৰে অহা অৱস্থাটো এনে দৰে জলক লগাই আঁকি দেখুৱাই যে, এমুঠি শুকান ধূলি মাৰি দিলে সেই অঙ্কিত তিতা বস্ত্ৰত লাগি ধৰিব বুলি বাস্তৱতাৰ ভ্ৰম হয়; বতাহত উৰাই নিয়া কানি-কাপোৰৰ অঙ্কন এনেদৰে দেখুৱায়, যেন গোটেই ধুমুহাটো চকুৰ আগতে গ'ল! একোখন ছবিত শিল্পীয়ে দূৰৰ পৰা বগা হৈ অহা বৰষুণ জাক এনেদৰে আঁকি দেখুৱায় যে, ঘৰৰ ভিতৰত সেই ছবিখন তন্ময়ভাৱে চাই থাকিলে এজাক বৰ বৰষুণ হৈছে বুলি হঠাৎ ঘৰৰ বাহিৰলৈ যাবলৈ বৰষুণত তিতাবৰ ভয় সোমায়। স্তৰে স্তৰে পৰ্বত-মালা আঁকি সিদ্ধহস্ত শিল্পীয়ে হিমালয়ৰ উচ্চ শৃঙ্গ মাউন্ট এভাৰেষ্টক ইমান ওখ আৰু দূৰৰ বস্তু কৰি দেখুৱায় যে, সেই ছবিখনিতেই সেই শৃঙ্গ দুৰাৰূহ বুলি মনত প্ৰত্যয় জন্মে; এখন নৈ আঁকি সিপাৰৰ বালিত বগলী এটিয়ে তবধ লাগি থকা দৃশ্য দেখুৱাই চকুৰ আগতে নিজম-নিতাল ঠাই এখনি দেখা যেন নিস্তব্ধতা মনত সুমুৱাই দিব পাৰে; দৃশ্য-পটবিলাক এনেদৰে আঁকি পেলায় যে, তাত একোখন নগৰৰ বৰ বৰ অট্টালিকা, ফুলনি, পুখুৰী, বাট-পদূলি, প্ৰাচীৰ-বেষ্টিতভাবে হুবহু টোলটোৰ সৈতে চকুৰ আগত দেখুৱাই দিয়ে।
          শিল্পীৰ এই শিল্প-চাতুৰ্য তেওঁৰ নিজৰ বস্তু যদিও, তাৰ বাস্তৱতা ভাৱৰ উপলব্ধি কৰিবলৈ হ'লে কোন চকুৰে চালে হ'ব, দৰ্শকৰ সেই চকু থিৰ কৰিবপৰা শক্তিৰ ওপৰত হে নিৰ্ভৰ কৰিব। শিল্পীয়ে নিজৰ আলেখ্যটিত কি দৰে বস্তু-বোধ জন্মে তাৰ জোখাৰে ছাঁ, পোহৰ, ৰং ইত্যাদি সঁজুলি বিলাক জোখত ৰাখিহে নিজৰ অঙ্কন-কাৰ্য সমাধা কৰে, ছবিখনৰ দীঘ-বাণী গঢ় দিয়ে। দৰ্শকে নিজৰ উপলব্ধিৰ ফলক-কাঁচত তাক নিয়মমতে কেন্দ্ৰীভূত কৰি ল'ব পাৰিলেহে তাৰ হুবহু শিল্পীৰ পৰিকল্পনাৰ লগত নিজৰ অনুভূতি লীন কৰি দিব পাৰিব লাগিব।

পৃষ্ঠা নং ৩৫

ভাষা বিষয়ক :

৯। সন্ধি ভাঙা :
      হিমালয় : হিম + আলয়
      তন্ময় : তম্ + ময়
      তদ্ৰুপ : তদ্ + ৰূপ
      মানৱাত্মা : মানৱ + আত্মা
      মোহান্ধ : মোহ + অন্ধ
      হোমিগ্ন : হোম + অগ্নি

১০। বাক্য ৰচনা কৰা:
      বিৰহ-বেদনা : একমাত্ৰ পুতেকৰ বিয়োগৰ
      বিৰহ বেদনাত পিতৃ মাতৃ ভাঙি পৰিছে।

      হাঁহি-কান্দোন : হাঁহি-কান্দোনৰ ভেটিত লাহে
      লাহে গঢ় লৈ উঠে জীৱনৰ স্বৰূপ।

      গীতে-গানে : ভাৰত্তোলক মেৰী কমক
      বন্দৰত গীত গানেৰে স্বাগতম জনোৱা হয়।

      সানি-পুতুকি : মিছা কথাবোৰ সচাঁ কথাৰ
      লগত সানি-পুতুকি দিলেই ই সচাঁ হৈ নাযায়।

      নিজান-নিজম : মনৰ শান্তি নিজান-নিজম
      পৰিৱেশতহে পোৱা যায়।

১১। তলৰ শব্দ কেইটাৰ উপসৰ্গ ভাঙি দেখুৱাঁ।     
      অনুৰাগ : অনু + ৰাগ।
      অনুভৱ : অনু + ভৱ।
      অভিনয় : অভি + নয়।
      প্ৰতিফল : প্ৰতি + ফল।

Post a Comment

6 Comments

Anonymous said…
UNBELIEAVABLY THANK YOU SIR. U ARE GOD!
Unknown said…
📓পাঠ নং ৭ : ছাত্ৰ-জীৱনৰ আৰু সমাজ
‌সেৱা ~ ডিম্বেশ্বৰ নেওগ।
Question & answer
Unknown said…
ইয়াত বহুতো ভুল আছে ।
Unknown said…
ইমান বেছিকে ভাল লগা নাই চাগে
Horeram Tanti said…
কি কি ভুল আছে দেখুৱাই দিয়া হলে ভাল হলহেতেন।
Horeram Tanti said…
বুজি নাপালোঁ কাৰ বিষয়ে কৈছে।