Class 6| Social Science| Assam Jatiya Bidyalay|Lesson 1. অসমৰ ইতিহাস প্ৰাগ্ঐতিহসিক যুগৰপৰা দ্বাদশ শতিকালৈ

পৃষ্ঠা নং ৪
১| একোটাকৈ বাক্যত উত্তৰ দিয়া।
(ক) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি?
উত্তৰ: প্ৰাগজ্যোতিষপুৰ।
(খ) ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা
কৰা বুলি লিখা আছে?
উত্তৰ: বিশ্বামিত্ৰ মুনিৰ আজোককাক কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে।
(গ) কৰতোৱা নদীখন বৰ্তমান কোন দেশৰ অন্তৰ্গত?
উত্তৰ: বাংলাদেশ।
(ঘ) কামাখ্যা দেৱীৰ মন্দিৰ কামৰুপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে?
উত্তৰ: কালিকাপুৰাণ।
(ঙ) ৰতিদেৱী কোন?
উত্তৰ: কামদেৱৰ ঘৈণীয়েক।

২| প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি?
উত্তৰ: "প্ৰাগ" শব্দৰ অৰ্থ হ'ল "পূব", "জ্যোতিষ" মানে "গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন" আৰু "পুৰ" মানে "নগৰ"। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ।

৩| "অসম" নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত আগবঢ়োৱা।
উত্তৰ: "অসম" নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত হ'ল:-
         ● ১২২৮ খ্ৰী.ত কামৰুপ ৰাজ্যলৈ আগমন ঘটা টাই জাতিৰ লোকবিলাকক আহোম, অহম আদি নামেৰে কোৱা হৈছিল। কোৱা হয় যে তেওঁলোকৰ নাম অনুসৰিয়েই "অসম" নামটো হ'ল।
        ● কোনো কোনো পণ্ডিতৰ মতে আকৌ কামৰুপ ৰাজ্য পৰ্বত-পাহাৰেৰে ভৰা অসমান ৰাজ্য। সেইবাবেই ইয়াৰ নাম অসম হ'ল।

৪| প্ৰাচীন কামৰূপ ৰাজ্যক কেইটাভাগত ভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ক'ৰপৰা ক'লৈকে ভাগকেইটা বিভক্তি?
উত্তৰ: প্ৰাচীন কামৰূপ ৰাজ্যক চাৰিটা ভাগত ভাগ কৰা হৈছে।
          ভাগকেইটা হ'ল - ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।
          কৰতোৱা নদীৰপৰা সোণকোষ নদীলৈকে ৰত্নপীঠ, সোণকোষৰপৰা ৰূপহী নদীলৈকে কামপীঠ, ৰুপহী নদীৰপৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ আৰু ভৰলী নদীৰপৰা দিকৰাই বা দিক্ৰং নদীলৈকে সৌমাৰপীঠ বিয়পি আছিল।

Post a Comment

4 Comments

Unknown said…
প্রাক প্রণালী মানে কি?
Unknown said…
Assam jatiya vidiyalay class6 chapter 4 social science
আমাৰ ওচৰত কিতাপ নাই। যিটো পাঠৰ প্ৰশ্ন-উত্তৰ লাগে, পাঠটিৰ সম্পূৰ্ণ photo whatsapp ত পঠিয়ালে, উত্তৰ দিব পৰা যাব। আমাৰ whatsapp no. 7637961778.