আখৰ বিদ্যাৰ্থী জীৱনৰ এক অবিচ্ছেদ্য অংগ। আখৰৰ দ্বাৰাই গম পোৱা যায় বিদ্যাৰ্থী এজনৰ জ্ঞানৰ গভীৰতা কিমান।
কাৰণ পৰীক্ষাত আখৰৰ দ্বাৰাই আমি আমাৰ জ্ঞানক এক বাহ্যিক ৰূপ প্ৰদান কৰোঁ। আৰু সেই আখৰবোৰৰ সুবাদতে নিৰ্ণিত হয় আমাৰ উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ কাহিনী।
কিন্তু সকলো প্ৰশ্ন-উত্তৰ লিখাৰ পাছতো কিছুমানে অনুত্তীৰ্ণৰ সন্মুখীন হ'ব লগা হয় কেৱল অস্পষ্ট আৰু লেতেৰা আখৰৰ বাবে।
কেৱল অস্পষ্ট আৰু লেতেৰা আখৰৰ বাবে যদি পৰীক্ষাত অনুত্তীৰ্ণ হ'ব লগা হয় ইয়াতকৈ দুখ লগা কাৰণ আৰু কিবা হ'ব পাৰেনে?
ই কিমান যে হৃদয় বিদাৰক আৰু এটা বছৰ একেটা শ্ৰেণীতে ৰৈ যোৱা !
আৰম্ভণিতে মহাত্মা গান্ধীয়ে ধুনীয়া হাতৰ আখৰৰ প্ৰতি এটি নেতিবাচক ভাৱধাৰা পোষণ কৰিছিল।
দক্ষিণ আফ্ৰিকাত শিক্ষিত লোকবিলাকৰ ধুনীয়া হাতৰ আখৰবোৰ চাইহে তেওঁৰ চকু মুকলি হৈছিল।
আৰু তেওঁ তেওঁৰ ভাৱধাৰা সলনি কৰিছিল আৰু কৈছিল, "ধুনীয়া হাতৰ আখৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ।"
এতিয়া মই মোৰ তোমাক দিয়া আশ্বাসলৈ ওভটি আহোঁ। তুমিও অধিকাৰী হ'ব পাৰা ধুনীয়া আখৰৰ। ই সচাঁকৈ গৰ্বৰ কাৰণ - ধুনীয়া হাতৰ আখৰৰ অধিকাৰী হোৱাৰ।
ধুনীয়া হাতৰ আখৰ অধিকাৰী হ'বৰ বাবে তুমি কেইটামান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। মই জানো যে তুমি ইতিমধ্যে নিজকে প্ৰস্তুত কৰি পেলাইছে পদক্ষেপবোৰ গ্ৰহণ কৰিবৰ বাবে।
আহা, আমি পদক্ষেপবোৰ এটা এটাকৈ শিকোঁ।
১। আখৰৰ শৈলী নিৰ্বাচন কৰা -- সহপাঠীসকলৰ আখৰৰ ধৰণবোৰ মন দি চোৱা।সকলোৰে বেলেগ বেলেগ হোৱা দেখিবা। ভিন ভিন হোৱাৰ পৰতো আখৰবোৰ নিজস্ব শৈলীৰে ধুনীয়া হোৱা দেখা যায়। নিজস্ব এটা শৈলী নিৰ্বাচন কৰি লোৱা। বেকাঁ, চিধা নাইবা আৰু তেনে কোনো শৈলী যি তোমাক ভাল লাগে সেই শৈলীটো ঠিক কৰি লোৱা। আশা কৰোঁ তুমি নিজস্ব শৈলী নিৰ্বাচন কৰিছা।
২। বহী নিৰ্বাচন কৰা - আমাক তিনিটা ভাষা, যেনে - অসমীয়া, হিন্দী আৰু ইংৰাজীত সদায়ে আখৰ লিখিব লগা হয়। প্ৰতিটো ভাষাৰ বাবে একোটা সুকীয়া বহী কিনিব পোৱা যায়। আমি বহীবোৰ প্ৰথমে গোটাই ল'ব লাগে। দিশা-নিৰ্দেশনা অনুযায়ী বহীবোৰত লিখিব আৰম্ভ কৰিব লাগে। প্ৰথমে অলপ কষ্ট হ'ব পাৰে। পিছলৈ ই সহজ হৈ পৰিব।
৩। সময় নিৰ্ধাৰণ কৰা - সময়মতে লোৱা পদক্ষেপে সফলতা কঢ়িয়াই আনে সময়তে।আমাৰ আখৰৰ অভ্যাসৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। আমি গধূলি নাইবা ৰাতিপুৱা নাইবা দিনৰ কোনোবা এটা সময় ঠিক কৰিব লাগে আখৰ লিখিবৰ শিকিব কাৰণে। সময়সীমা নিজৰ সুবিধানুযায়ী ১৫ মিনিট নাইবা ৩০ মিনিট নিৰ্ধাৰিত কৰি ল'বা। আৰু কোনো আপোচ নকৰাকৈ সেই নিৰ্দিষ্ট সময়তে আখৰ লিখা অভ্যাসটো আগবঢ়াই নিবা।
৪। সদায় অভ্যাস কৰা - অভ্যাসৰ বলত আমি যিকোনো কৌশল আয়ত্ব কৰিব পাৰোঁ। অভ্যাস হৈছে কোনো এটা নিৰ্দিষ্ট কামত এৰা-ধৰা নকৰাকৈ নিশিকালৈকে লাগি থকা। এদিন, এসপ্তাহ নাইবা এমাহত তোমাৰ আখৰ ধুনীয়া হ'ব নে নহ'ব আমি কোনোও নাজানো। ই সম্পূৰ্ণ নিৰ্ভৰ কৰে তোমাৰ অভ্যাসৰ ওপৰত। যিমানেই অভ্যাস কৰিবা, সিমানেই সোনকালে আখৰবোৰ ধুনীয়া হৈ আহিব।
৫। অধ্যৱসায় কৰা - আৰম্ভণিতে সকলো কামেই কঠিন বোধ হয়। সময়ৰ পৰিক্ৰমাত সেই কাম অভ্যাস আৰু অধ্যৱসায়ৰ বলত সহজ আৰু উজু হৈ পৰে। আখৰ ধুনীয়া কৰিবৰ বাবে এদিন দুদিন অভ্যাস কৰিলেই যথেষ্ট নহয়। আমি নেৰা-নেপেৰাকৈ লাগি থাকিব লাগিব আশাতীত ফল নোপোৱালৈকে। "যত্ন কৰিলে, ৰত্ন পায়" আজিও কথাষাৰ তত্ব-গধূৰ।
৬। ছবি অাকাঁ - মাজতে মহাত্মা গান্ধীৰ কথা উল্লেখ কৰিছিলোঁ তোমাৰ নিশ্চয় মনত আছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ পিছত মহাত্মা গান্ধী ধুনীয়া আখৰক সৰুতে গুৰুত্ব নিদিয়াৰ বাবে অনুশোচনাত দগ্ধ হৈছিল। আৰু ধুনীয়া আখৰৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰিছিল। সেয়েহে, সৰু সৰু ল'ৰা ছোৱালীক ছবি আকিঁবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তুমিও এই পথক অনুসৰণ কৰিব পাৰা।
32 Comments
Thank you sir.
gotkoi dhuniya hol