📖 পাঠ নং ১ : বৰগীত (পৃষ্ঠা নং ১-৫)
✏️ শ্ৰী শ্ৰী মাধৱদেৱ
▪️ছোড় : ছিঙি দিয়া।
▪️ধিয়ায় : ধ্যান কৰে।
▪️নিগম : নিগম শাস্ত্ৰ।
▪️বিষয় বিকলে : সাংসাৰিক দুখ, বিষয়
বাসনাত কাতৰ।
▪️মোহ পাশ : মায়াৰ বন্ধন।
▪️যাহাকু : যিজনক।
__________________________________________
📖 পাঠ নং ২ : জিকিৰ (পৃষ্ঠা ৫-৮)
✏️ আজান ফকীৰ
▪️আচমান : আকাশ।
▪️আদম : আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম
মানুহ।
▪️কুটুব : ধ্ৰুৱ নক্ষত্ৰ।
▪️তিৰবেণী : ত্ৰিবেণী। গংগা, যমুনা আৰু
সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ
ঠাই।
▪️দৰিয়া : সাগৰ; নদী।
▪️বেহাব : বেপাৰ কৰিব।
▪️মোমিন : বিশ্বাসী, মুছলমান।
▪️ৰচুল : দেৱদূত, ঈশ্বৰৰ প্ৰেৰিত পুৰুষ,
আল্লাৰ দূত।
▪️ৰহম : দয়া।
▪️বান্দা : ভৃত্য।
▪️সঞ্চাৰ : তলা ; সঁচাৰ।
▪️জিকিৰ : জিকিৰসমূহ সাৱলীল অসমীয়া
ভাষাত ৰচিত ইচলাম ধৰ্মৰ তত্ত্ব,
আদৰ্শ আৰু আচাৰ নীতিৰ
মৌলিক ভাব-চিন্তা প্ৰকাশক কিছু
সংখ্যক ভক্তিমূলক গীত।
__________________________________________
📖 পাঠ নং ৩ : প্ৰশস্তি (পৃষ্ঠা ৯-১২)
✏️ ৰঘুনাথ চৌধাৰী
▪️অন্তৰীক্ষ : আকাশ; যাক পৃথিৱী আৰু
সূৰ্যৰ মাজত দেখা যায়।
▪️ঊষা : সূৰ্য।
▪️ঋত্বিক : ঋতু যাজক, পুৰোহিত।
▪️কালৰাত্ৰি : আন্ধাৰ ৰাতি।
▪️কিশলয় : কুঁহিপাত, গজালি, কোঁহ।
▪️কীচক বেণু : কীচক বাঁহ, সেই বাঁহৰ বাদেৰ
শব্দ।
▪️কুঙ্কুম: প্ৰসাধন সামগ্ৰী বিশেষ।
▪️কুসুম : ফুল।
▪️ক্লেদ : গেলা মলযুক্ত পানী।
▪️চামৰ : চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা।
▪️চিত্তহাৰী : মন-প্ৰাণ হৰি নিয়া।
▪️তন্ত্ৰালস :শ্ৰান্ত ক্লান্ত, টোপনি যোৱা অৱস্থা।
▪️তেজি : ত্যাগ কৰি।
▪️তান : সুৰ, ৰাগ।
▪️দীৰ্ণ : ভাগি- ছিগি যোৱা, বিদাৰিত।
▪️পৰিমল : সুগন্ধ।
▪️পুঞ্জীভূত : সঞ্চিত।
▪️ফুল্ল : ফুলি উঠা, পাহি মেলা ফুল।
▪️বসুধা : পৃথিৱী; বসুমতী।
▪️বিহঙ্গ : চৰাই; পক্ষী।
▪️মহামহিম : অতিশয় গৌৰৱান্বিত, বৰ মান্য,
খ্যাতিমন্ত।
▪️ৰঞ্জিলে : ৰঙীণ কৰিলে, পোহৰ কৰিলে।
_________________________________________
📖 পাঠ নং ৪ : মই অসমীয়া (পৃষ্ঠা ১৩-২১)
✏️ চৈয়দ আব্দুল মালিক
▪️অনিৰুদ্ধ : যাক ৰোধ কৰিব নোৱাৰি;
বাৰণ কৰিব নোৱাৰি।
▪️ আপোনাৰ : নিজৰ।
▪️আলোক : পোহৰ।
▪️এনুৱা : এনেকুৱা।
▪️উচ্ছাস : উলাহ; আনন্দ; আবেগ।
▪️কায়মনে : মনে প্ৰাণে; অন্তৰেৰে।
▪️কাৰেংঘৰ : আহোম ৰজাই বাস কৰা ঘৰ।
▪️কিন্নৰ : কুবেৰৰ পৰিষদ; দেৱলোকৰ গায়ন
এওঁলোকৰ মুখ ঘোঁৰাৰ দৰে গা
মানুহৰ দৰে।
▪️খৰম : ভৰিত পিন্ধা কাঠৰ পাদুকা।
▪️খৰমৰ চুলা : কাঠৰ পাদুকাযোৰৰ পিন্ধাৰ
বাবে খুঁটি এটা থাকে। তাকে
খৰমৰ চুলা বোলা হয়।
▪️গছকত ভাগে মৰকত : মৰকত হ'ল এবিধ
সেউজীয়া ৰঙৰ বাখৰ। অসমৰ
ধূলিয়ে-বালিয়ে ধুনীয়া বাখৰৰ দৰে
মূল্যবান বস্তু পৰি থাকে। অৰ্থাৎ
অসম মূল্যবান সম্পদেৰ ভৰা।
খোজত এনে মূল্যবান বস্তুবোৰ
ভাঙি চিঙি পৰে।
▪️জাতিষ্কাৰ : জকমকীয়া; উত্তম ৰূপে
সজোৱা।
▪️তৃষা : তৃষাতুৰ; বৰকৈ হেঁপাহ জগা।
▪️দৃপ্ত : গৰ্বযুক্ত মনোভাৱ।
▪️দীপ্তি :আলোকিত; উজ্জ্বল; জিলিকি থকা।
▪️ধোদ : এলেহুৱা।
▪️ধূসৰ : অস্পষ্ট; ধোঁৱাময়।
▪️নদীৰ বালিত ভৰা সোণ চেঁকুৰীয়া:
সকলো বস্তুৰে উভৈনদী অসমত
নদীৰ বালিতো সোণ পোৱা
গৈছিল।
▪️নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজ আলি :
ধোদ মানে অতি এলেহুৱা লোক
এনে লোকে কোনো কাৰণতে কাম
কৰি নাখায়। এনেহেন ধোদেও
স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজ
আলি নিৰ্মাণ কৰিছিল।
▪️পুঠিয়ে কাণত পিন্ধে .... সজায় সুৱাগী :
অসমৰ সকলো বস্তুৱে ইমান
মূল্যবান আৰু ধুনীয়া যে পুঠিমাছৰ
দৰে সৰু জীৱটোৱেও কাণত
সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ
নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও ফোঁট লৈ
ধুনীয়া হৈ থাকে। অৰ্থাৎ অসম
প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে।
▪️পুনু : পুনৰ।
▪️পোৱাল ভৰা দলঙত : প্ৰবাল এবিধ
মূল্যবান সামগ্ৰী। ইয়াৰ দ্বাৰা নিৰ্মিত
দলঙত অসমীয়াই ভৰি ধোৱা কাৰ্য
সম্পাদন কৰে।
▪️বনৰ পাতত জাংফাই : অসমৰ উত্তৰ পূব
ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ
ৰঙীণ গোটমৰা আঠা। ইয়াৰে কেৰু,
মণি তৈয়াৰ কৰা হয়। নিয়ৰত তিতি
থকা বনৰ পাতত সূৰ্যৰ পোহৰ
পৰিলে ধুনীয়া মণিৰ নিচিনাকৈ
তিৰবিৰাই নানা ৰং ধাৰণ কৰে।
▪️বিনন্দীয়া : ধুনীয়া; মনোমোহা।
▪️বিহগ : চৰাই, পক্ষী।
▪️বিৰাম বিহীন : কোনো যতি বা বাধা
নপৰাকৈ; নিৰৱিচ্ছিন্ন ভাৱে।
▪️ভকতি : ভক্তি; শ্ৰদ্ধা।
▪️ভটীয়নি : নৈৰ ভাটি বা নামনি ফাল।
▪️ভুৰ : কেইডালমান কলগছ নাইবা বাঁহ
নাইবা কেইখনমান কাঠৰ পাত
একেলগে বান্ধি নাৱৰ দৰে কৰা
সঁজুলি।
▪️মৰকত : এবিধ সেউজীয়া ৰঙৰ বাখৰ।
▪️মৰত : মৰ্ত্য।
▪️মিনাকৰা : মিনা লগোৱা; মিনাৰ ৰহণসনা।
▪️মুক্তৰাজ : মুকলিমূৰীয়া একছত্ৰী শাসন।
▪️মোশ্লেম : মুছলমান; মোগল জাতি।
▪️ৰংঘৰ : আহোম স্বৰ্গদেউসকলে বা
ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা
আৰু তাত বহি বাহিৰৰ চোতালত
মানুহ, জন্তু আদিৰ যুঁজ, খেল
ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ
প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই
ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।
▪️ৰণচণ্ডী : যুদ্ধলৈ সাজু হৈ উঠা মানুহ।
▪️ৰাজ অন্তঃপুৰ : ৰজাৰ অন্তেষপুৰ।
▪️শকতি : শক্তি; বল।
▪️শুকান সান্দহ : তিওৱা চাউল ভাজি খুন্দি
প্ৰস্তুত কৰা এবিধ জলপান।
▪️সমৰ : যুদ্ধ।
▪️সৰগ : স্বৰ্গ।
▪️সাগৰ খানি : আহোম স্বৰ্গদেউসকলৰ
ৰাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ
ডাঙৰ পুখুৰী খন্দা হৈছিল।
পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক
সাগৰৰ লগতহে তুলনা কৰিব পাৰি।
▪️সুৱাগী : লাগী তিৰোতা; অধিক ধুনীয়াকৈ
নিজকে সজোৱা।
▪️স্বৰ্ণপুৰী : সোণেৰে নিৰ্মাণ কৰা নগৰ।
▪️স্মিৰিতি : স্মৃতি।
▪️হাঁহকণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে
দেউল সজায় : অসমৰ পুৰণি মঠ
মন্দিৰবোৰ স্বৰ্গদেউসকলে হাঁহ
কণী আৰু বৰা চাউল আদিৰে
নিৰ্মাণ কৰিছিল।
▪️হেংদাং : আহোম যুগত ব্যৱহাৰ কৰা এবিধ
তৰোৱাল।
__________________________________________
📖 পাঠ নং ৫ : দৃশ্যান্তৰ (পৃষ্ঠা ২২-২৫)
✏️ হৰেকৃষ্ণ ডেকা
▪️কাকিনী তামোল : বৰ ওখ তামোল।
▪️কুকুৰীকণা :গধূলি বা ৰাতি নেদেখা মানুহ।
▪️কুবেৰ : যক্ষৰ অধিপতি; ধনৰ অধিপতি
দেৱতা।
▪️দাহ : পোৰণি; পোৰা কাৰ্য; দহন; শোক,
সন্তাপ।
▪️দৃশ্যান্তৰ : ভিন্ন বা অন্য দৃশ্য।
▪️ন্যুব্জ : কুঁজা।
▪️পিয়াপি দি : এটা এটা হৈ চাৰিওফালে।
▪️যখ : পুতি পুতি থোৱা ধন-সোণ ৰখি থাকে
বুলি ভবা অপদেৱতা; অতিশয়
কৃপণ লোক।
0 Comments