Class 10 || SEBA || Science সাধাৰণ বিজ্ঞান || Lesson 16. প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

A. বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ || Multiple Choice Questions (MCQ) & Answers.
1. তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়— 
(a) আম গছ 
(b) সাপ 
(c) বতাহ 
(d) কাঠৰ ঘৰ
উত্তৰ : (d) কাঠৰ ঘৰ




2. পশ্চিম বংগৰ আৰাবাৰি বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায় ? 
(a) সোণাক 
(b) শাল 
(c) বাঁহ 
(d) মেংগ্র’ভ 
উত্তৰ : (b) শাল

3. বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ হ'ল-----
(a) পৰিস্থিতিক
(b) সামাজিক
(c) অৰ্থনৈতিক
(d) ওপৰৰ গোটেই কেইটা
উত্তৰঃ (d) ওপৰৰ গোটেই কেইটা

4. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত ___ টা অধ্যায় আছে।
(a) পাচটা
(b) আঠটা
(c) দুটা
(d) চাৰিটা
উত্তৰ : (b) আঠটা

5. কেন্দ্ৰীয় পৰিষদে ——–ৰ পৰামৰ্শমতে কাম কৰিব লাগে ।
(a) কেন্দ্ৰীয় চৰকাৰ
(b) ৰাজ্য চৰকাৰ
(c) উচ্চতম ন্যায়ালয
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) কেন্দ্ৰীয় চৰকাৰ

6. তলৰ কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ- সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ ইংগিত দিয়ে?
(a) চায়েন’ বেক্টেৰিয়া।
(b) চালম’নেলা।
(c) ক’লিফর্ম।
(d) বেছিলাছ।
উত্তৰঃ (c) ক’লিফর্ম।

7. তলৰ কোনটোক ‘জৈৱ বৈচিত্ৰ্যৰ ভঁড়াল’ বোলা হয়?
(a) নদী।
(b) পুখুৰী।
(c) শস্য পথাৰ।
(d) বনাঞ্চল।
উত্তৰঃ (d) বনাঞ্চল।

8. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়? 
(a) উদ্যোগপতিসকল।
(b) কৃষকসকল।
(c) চৰকাৰৰ বন বিভাগ।
(d) বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল।
উত্তৰঃ (b) কৃষকসকল।

9. অমৃতদেৱী বিষ্ণোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল?  
(a) পাইন গছ।
(b) শাল।
(c) খেজুৰ।
(d) খেজৰি।
উত্তৰঃ (d) খেজৰি।

10. ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?
(a) কয়লা আৰু পেট্ৰ’লিয়াম।
(b) পানী।
(c) বন আৰু বন্যপ্রাণী।
(d) মাটি।
উত্তৰঃ (c) বন আৰু বন্যপ্রাণী।

11. পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?
(a) ১৯৭৮ চনত
(b) ১৯৮৮ চনত
(d) ১৯৯৭ চনত
(c) ১৯৮৭ চনত
উত্তৰ: (a) ১৯৭৮ চনত

12. ‘জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন ১৯৭৭’ কেতিয়া বলবৎ কৰা হয় ?
(a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা
(b) ১৯৭৮ চনৰ ১লা মে’ৰপৰা
(c) ১৯৭৮ চনৰ ১লা জুনৰপৰা
(d) ১৯৭৮ চনৰ ১লা জুলাইৰপৰা
উত্তৰ: (a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা

13. ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ?
(a) ভাৰতৰ নতুন দিল্লীত
(b) অষ্ট্ৰেলিয়াৰ চিডনীত
(c) চীনৰ বেইজিঙত
(d) ছুইডেনৰ ষ্টকহ মত
উত্তৰ : (d) ছুইডেনৰ ষ্টকহ মত

14. ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলবৎ হয় ?
(a) ১৯৮৫ চনত
(b) ১৯৮৭ চনত
(d) ১৯৮৯ চনত
(c) ১৯৮৬ চনত
উত্তৰ : (c) ১৯৮৬ চনত

15. চিপকো আন্দোলন কোন চনত আৰম্ভ হৈছিল –
(a) ১৯৫০ চনত
(b) ১৯৬০ চনত
(c) ১৯৭০ চনত
(d) ১৯৮০ চনত
উত্তৰ: (c) ১৯৭০ চনত

16. আৰাৱলীৰ শাল কেতিয়া পুণৰুদ্ধাৰ হৈছিল
(a) ১৯৮৩ চনত
(b) ১৯৮৪ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৬ চনত
উত্তৰ : (a) ১৯৮৩ চনত

17. তিনিটা 'R' এ প্রাকৃতিক সম্পদ সংৰক্ষণত দীর্ঘম্যাদী হিচাপে কাৰ্য কৰে, সেই তিনিটা ক্রমে—
(a) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃবিতৰণ (redistribution) 
(b) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃ উৎপাদন (regeneration)
(c) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ (recycle), পুনঃ উৎপাদন (regeneration) (recycle), হ্রাসকৰণ (reduce ) 
(d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ 
 উত্তৰ : (d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্রীয়কৰণ (recycle), হ্ৰাসকৰণ (reduce)। 

18. তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি ? 
(a) উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীৰ সুৰক্ষা প্ৰদান কৰি। 
(b) মাত্র তৃণভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি। (c) মাত্র মাংসভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি।
(d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি । 
উত্তৰ : (d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি ।

19. আৰাবাৰি ফৰেষ্ট কোন জিলাত অৱস্থিত –
(a) মিডনাপুৰ
(b) ভৱানীপুৰ
(c) কালিপুৰ
(d) লক্ষ্মীপুৰ
উত্তৰ : (a) মিডনাপুৰ

20. টেহৰাই নদীবান্ধ কোন নদীত অৱস্থিত
(a) যমুনা
(b) গংগা
(c) ব্ৰহ্মপুত্ৰ
(d) সৰস্বতী
উত্তৰ : (b) গংগা

21. বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত — টা অধ্যায় আছে।
(a) সাতটা
(c) নটা
(b) পাচটা
(d) দহটা
উত্তৰ : (a) সাতটা

22. বিষ্ণুই সম্প্ৰদায়ৰ লোক কোন ৰাজ্যত পোৱা যায় –
(a) ৰাজস্থান
(c) কেৰেলা
(b) ছিক্কিম
(d) নাগালেণ্ড
উত্তৰ: (a) ৰাজস্থান

23. অমৃতা দেৱীয়ে কি গছৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল
(a) কঁঠাল
(b) আম
(c) বট গছ
(d) খেজৰি
উত্তৰ: (d) খেজৰি

24. বিড়ি প্রস্তুত কৰিবলৈ কি গছৰ পাত ব্যৱহাৰ কৰা হয় –
(a) টেণ্ডু
(b) কঠাল
(c) শাল
(d) আহত
উত্তৰঃ (a) টেণ্ডু

25. চিপকো আন্দোলন কোন গাওঁত আৰম্ভ হৈছিল –
(a) পেনি
(b) মেনি
(c) হেনি
(d) ৰেনি
উত্তৰ: (d) ৰেনি

26. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত? 
(a) গছ।
(b) পানী।
(c) নদী।
(d) বন্যপ্রাণী।
উত্তৰঃ (a) গছ।

27. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?
(a) কুলহ্।
(b) খাদিন।
(c) এৰি।
(d) কাট্টা।
উত্তৰঃ (b) খাদিন।

28. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি?
(a) উত্তৰ প্ৰদেশ।
(b) ৰাজস্থান।
(c) বিহাৰ।
(d) মহাৰাষ্ট্ৰ।
উত্তৰঃ (c) বিহাৰ।

29. হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো – 
(a) নদী।
(b) কুল্‌হ।
(c) এৰি।
(d) তাল।
উত্তৰঃ (b) কুল্‌হ।

30. কয়লা আৰু পেট্ৰ’লিয়ামৰ দহনৰ ফলত উৎপন্ন হয়। 
(a) কার্বন ডাই অক্সাইড।
(b) পানী।
(c) নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

31. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্ৰ’লিয়াম দহন কৰিলে উৎপন্ন হয়— 
(a) কার্বন ডাই অক্সাইড।
(b) কার্বন ম’নক্সাইড।
(c) ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (b) কার্বন ম’নক্সাইড।

32. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?
(a) কার্বন ম’নক্সাইড।
(b) ছালফাৰ ডাই অক্সাইড।
(c) কার্বন ডাই অক্সাইড।
(d) নাইট্ৰ’জেন ডাই অক্সাইড।
উত্তৰঃ (c) কার্বন ডাই অক্সাইড।

33. কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’ল –
(a) বায়ু প্ৰদূষণ।
(b) গোলকীয় উত্তাপন ।
(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস।
(d) ওপৰৰ আটাইকেইটা। 
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

34. তলৰ কোনটো প্ৰাকৃতিক সম্পদ ক্ষয়িষ্ণু? 
(a) বনাঞ্চল।
(b) বন্যপ্রাণী। 
(c) জীৱাশ্ম ইন্ধন।
(d) পানী।
উত্তৰঃ (c) জীৱাশ্ম ইন্ধন।

35. প্রতি বছৰৰ – তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয় ।
(a) ১ জুন
(b) ৫ জুন
(c) ৭ জুন
(d) ৮ জুন
উত্তৰ: (b) ৫ জুন

36. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল—(HSLC ’15)
(i) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়
(ii) বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়
(iii) (i) আৰু (ii) এটাও নহয়
(iv) (i) আৰু (ii) দুয়োটা
উত্তৰ : (iv) (i) আৰু (ii) দুয়োটা ৷

37. তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয় ?(HSLC-2017)
(a) সূর্য
(b) বায়ু
(c) জীৱাশ্মজাত ইন্ধন
(d) পানী
উত্তৰ : (c) জীৱাশ্মজাত ইন্ধন

38. অমৃতা দেৱীয়ে কোন চনত প্ৰাণ আহুতি দিছিল –
(a) ১৭৩০ চনত
(c) ১৭৩২ চনত
(b) ১৭৩১ চনত
(d) ১৭৩৩ চনত
উত্তৰঃ (b) ১৭৩১ চনত

39. তলৰ কোনটা প্ৰাকৃতিক সম্পদ দ্রুতগতিত হ্রাস পাই আছে— 
(a) বনাঞ্চল 
(b) পানী
(c) বতাহ 
 (d) সৌৰ শক্তি 
 উত্তৰ : (a) বনাঞ্চল

40. চিপক' আন্দোলনৰ প্ৰধান বাৰ্তাটো হ'ল- 
(a) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক গুৰুত্ব দিব নালাগে। 
(b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি ল'ব লাগে। 
(c) উন্নয়নমূলক কাম-কাজৰ বাবে গছ-গছনি কাটিব লাগে। 
(d) চৰকাৰী সংস্থাই কোনো প্রশ্ন নোহোৱাকৈ গছ-গছনি ধ্বংস কৰিব পাৰিব। উত্তৰ : (b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি লব লাগে।

41. তলৰ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয় ?
(a) তাপীয় পকল্প
(b) প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ
(c) পুনৰ বনানিকৰণ
(d) বনাঞ্চল ধ্বংসকৰণ আৰু বৰষুণৰ পৰিমান
উত্তৰঃ (c) পুনৰ বনানিকৰণ
















Post a Comment

0 Comments