English Grammar And Composition || Class V || Lesson 1/2

1. Alphabet মানে কি বুজা? ইংৰাজী ভাষাত Alphabet কেইবিধ?
Ans : Alphabet শব্দৰ অৰ্থ বৰ্ণমালা। ইংৰাজী ভাষাত থকা মুঠ ২৬ টা আখৰক Alphabet বোলে। ইয়াৰ ফলা দুখন। এখন বৰফলা (Capital letters) আনখন সৰুফলা (Small letters)।

Reading Books

2. আটাইকেইখন ফলাৰ আখৰবোৰ ধুনীয়াকৈ লিখা।
Ans: write yourself.

3. English Grammar কিয় পঢ়িব লাগে?
Ans: ইংৰাজী ব্যাকৰণ আৰম্ভণীৰ পৰা মনোযোগ দি পাঠ কৰিলে আৰু ইয়াত থকা ভাষা শিকাৰ কৌশল (Skill) বোৰ নিজৰ আয়ত্তত আনিব পাৰিলে ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পাৰি।

4. ক'ত ক'ত Capital Letter ব্যৱহাৰ হয় কোৱা।
Ans: 
1. ছপাত লিখোতে বাক্যৰ প্ৰথম আখৰটো ছপা ডাঙৰ (Capital) হয়। বাক্যটোর অইন আখৰবোৰ ছপাৰ Small Letter হয়। যেনে- He is my brother. Ram comes here.

2. হাতে লিখোতে বাক্যৰ প্ৰথম আখৰটো হাতে লিখা ডাঙৰ (Capital Letter) হয়। বাক্যৰ আনবোৰ আখৰ সৰু (Small Letter) হয়। যেনে-I shall I go to school today. Father loves me.

3. কবিতাৰ প্ৰতি শাৰী প্ৰথম আখৰ, যেনে- This is my own, my native land!
Whose heart hath ne'er within him burned, 

4. Proper noun বা Proper noun ৰ পৰা উদ্ভুত শব্দ।

A. দেশৰ নাম - England, Russia, India.

B. পৰ্বতৰ নাম - The Himalayas, The Vindhyas

C. নদীৰ নাম - The Brahmaputra, The Jamuna

D. ধর্মগ্রন্থ- The Bible, The Quaran, The Gita.
E. দেশ বা বিশ্ববিখ্যাত সংস্থাৰ সংক্ষিপ্ত নাম যেনে- The U.N.O., WHO, UNESCO, The U.S.A.

F. বুৰঞ্জী প্রসিদ্ধ ঘটনা আৰু আট্টালিকাৰ নাম, যেনে- The Red Fort, The Tajmahal

G. মাহ আৰু বাৰৰ নাম, যেনে- January, February, Sunday, Monday, Tuesday.

H. মানুহৰ নাম, যেনে - Sita, Rina, Madhu, Jadu.

I. প্রত্যক্ষ উক্তিৰ প্ৰথম আখৰ, যেনে- Rita said, "Do you go to school today?"

J. চিঠিত সম্বোধিত কৰা প্ৰথম আখৰ, যেনে- My dear Mother, Dear Haren.

K. জাতিবাচক শব্দ প্রথম আখৰ, যেনে- Assamese, Russian

L. ভগৱানক বুজোৱা শব্দৰ প্ৰথম আখৰ, যেনে- God, Allah, Bhagaban.

M. ব্যাক্তিক বুজাবলৈ 'I' আখৰ আৰু ভাব প্রকাশক 'O' আখৰটো সদায় Capital Letter হয়।

N. কিতাপৰ নাম, বিষয়ব নাম, যেনে- History, Economics, Macbeth, Divine Comedy,

0. দেশ নুবুজাই অঞ্চল বুজাবলৈ, যেনে The East, The West.

P. সংক্ষেপে লিখা প্রতিটো আখৰ, যেনে- M.A. , B.A., B.Sc., B.Com.

5. Consonant আখৰকেইটা সুকীয়াকৈ লিখা।
Ans: নিজে লিখি লবা। write yourself.

6. Vowel কেইটা আৰু কি কি লিখি দেখুওৱা।
Ans: Vowel পাঁচটা‌ : a, e, i, o, u.

7. Semi Vowel দুটাৰ নাম কোৱা।
Ans: Semi Vowel দুটা - w আৰু y

Post a Comment

0 Comments