পগলা নহওঁ মই

পগলা নহওঁ মই


"মই পগলা"
শুনিছোঁ মানুহবোৰে কয়।


নাজানো কিয় ?
হেৰাই যাওঁ কেতিয়াবা;
অকলশৰীয়া হৈ ভিৰৰ মাজত;
ই;
"জীয়াই থকাৰ উন্মাদনা নে
আপোনজনক বিচৰাৰ তাগিদা?"
মই নাজানো।
কিন্তু মই এজন মানুহ,
পগলা নহওঁ,
সহানুভূতি বিচাৰোঁ।


লাগে, কিবা যেন খেদি আহিছে;
লাগে, কিবা যেন কাঢ়ি নিছে;
অট্টহাস্যৰ মাজতো, কান্দিবৰ মন যায়।
ব্যাকুল মনৰ, লুটুং ভুটুং নাৱত;
এন্ধাৰে দোলা দি যায়।
কিন্তু মইও মানুহে
"পগলা নহওঁ"
মৰম বিচাৰোঁ।


ঝাৰুৰে নোকোবাবা, বিষাই এই দেহা;
ধূৱাখিনি আঁতৰাই দিয়া,
চকুযোৰ জ্বলাই;
উশাহ-নিশাহত, ক'ৰবাত বান্ধে লেঠা;
ভিৰৰ মাজতো, মই যে অকলশৰীয়া।

জানো, মোলৈ তোমালোকৰ ভয়;
তথাপি মোৰো যে আছে, এখন হৃদয়;
দৰৱ আছে, শুনিছোঁ চিকিৎসাৰ;
লৈ যোৱানা, মোকো এবাৰ।
সন্মানেৰে, দুখোজ জীৱনৰ;
জীৱনক, সুন্দৰ কৰিব বিচাৰিছোঁ।
জানা, বিশ্বাস কৰা;
মইও মানুহে,
পগলা নহওঁ;
সকলোৰে প্ৰেম বিচাৰোঁ।




তুমি কবিতা লিখি বা পঢ়ি ভালপোৱা নে? তোমাৰ কবিতাবোৰ আমালৈ পঠিয়াবা পাৰা। আমি ইয়াত তোমাৰ কবিতাবোৰ প্ৰকাশ কৰিম। তুমি তোমাৰ সকলো কবিতা কি নামেৰে প্ৰকাশ কৰিবা তাকো পঠিয়াবা। কবিতাটোৰ লগতে পঠিয়াব লাগিব নাম, পিতৃ মাতৃৰ নাম, বয়স, স্কুলৰ নাম, গাওঁৰ নাম, জিলাৰ নাম। আমাৰ whatsapp number হৈছে - 7637961778

Post a Comment

4 Comments