Class 6 | অজাবি সমাজ বিজ্ঞান AJB SOCIAL SCIENCE | প্ৰথম অধ্যায় : অসমৰ ইতিহাস প্ৰাগ্ঐতিহাসিক যুগৰপৰা দ্বাদশ শতিকালৈ ১-১৬

বিষয় - ইতিহাস

🔎 পৃষ্ঠা নং ৪

১| একোটাকৈ বাক্যত উত্তৰ দিয়া।

    (ক) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি?
    উত্তৰ: প্ৰাগজ্যোতিষপুৰ।

    (খ) ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য
    প্ৰতিষ্ঠা কৰা বুলি লিখা আছে?
    উত্তৰ: বিশ্বামিত্ৰ মুনিৰ আজোককাক কুশ
    ৰজাৰ পুত্ৰ অৰ্মূতৰাজে।

    (গ) কৰতোৱা নদীখন বৰ্তমান কোন দেশৰ
    অন্তৰ্গত?
    উত্তৰ: বাংলাদেশ।

    (ঘ) কামাখ্যা দেৱীৰ মন্দিৰ কামৰুপ ৰাজ্যৰ
    সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ
    আছে?
    উত্তৰ: কালিকাপুৰাণ।

    (ঙ) ৰতিদেৱী কোন?
    উত্তৰ: কামদেৱৰ ঘৈণীয়েক।

২| প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি?
উত্তৰ: "প্ৰাগ" শব্দৰ অৰ্থ হ'ল "পূব", "জ্যোতিষ" মানে "গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন" আৰু "পুৰ" মানে "নগৰ"। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ।

৩| "অসম" নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত আগবঢ়োৱা।
উত্তৰ: "অসম" নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত হ'ল:-
         ● ১২২৮ খ্ৰী.ত কামৰুপ ৰাজ্যলৈ আগমন
         ঘটা টাই জাতিৰ লোকবিলাকক আহোম,
         অহম আদি নামেৰে কোৱা হৈছিল। কোৱা
         হয় যে তেওঁলোকৰ নাম অনুসৰিয়েই
         "অসম" নামটো হ'ল।
        ● কোনো কোনো পণ্ডিতৰ মতে আকৌ
         কামৰুপ ৰাজ্য পৰ্বত-পাহাৰেৰে ভৰা
         অসমান ৰাজ্য। সেইবাবেই ইয়াৰ নাম অসম
         হ'ল।

৪| প্ৰাচীন কামৰূপ ৰাজ্যক কেইটাভাগত ভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ক'ৰপৰা ক'লৈকে ভাগকেইটা বিভক্তি?
উত্তৰ: প্ৰাচীন কামৰূপ ৰাজ্যক চাৰিটা ভাগত ভাগ কৰা হৈছে।
          ভাগকেইটা হ'ল - ৰত্নপীঠ, কামপীঠ,
স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।
          কৰতোৱা নদীৰপৰা সোণকোষ নদীলৈকে ৰত্নপীঠ, সোণকোষৰপৰা ৰূপহী নদীলৈকে কামপীঠ, ৰুপহী নদীৰপৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ আৰু ভৰলী নদীৰপৰা দিকৰাই বা দিক্ৰং নদীলৈকে সৌমাৰপীঠ বিয়পি আছিল।

🔎 পৃষ্ঠা নং ৫

১। উত্তৰ লিখাঁ।

    (ক) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি?
    উত্তৰ :  দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম হ'ল
    - মহীৰঙ্গ দানৱ।

    (খ) নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
    উত্তৰ : নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল
    - ভৌম বংশ।

    (গ) প্ৰাগজ্যোতিষ ৰাজ্যত কোন গোষ্ঠীৰ
    লোকসকলক 'কিৰাত' বুলি কোৱা হৈছিল?
    উত্তৰ : প্ৰাগজ্যোতিষ ৰাজ্যত বড়ো গোষ্ঠীৰ
    লোকসকলক 'কিৰাত' বুলি কোৱা হৈছিল

    (ঘ) ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষ লৈ
    যুদ্ধ কৰিছিল?
    উত্তৰ : ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ
    পক্ষ লৈ যুদ্ধ কৰিছিল।

    (ঙ) যুধিষ্ঠিৰৰ 'অশ্বমেধ যজ্ঞ' ঘোঁৰা বন্দী কৰি
    থোৱা কামৰূপৰ ৰজাজনৰ নাম কি ?
    উত্তৰ : যুধিষ্ঠিৰৰ 'অশ্বমেধ যজ্ঞ' ঘোঁৰা বন্দী
    কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম ব্ৰজদত্ত।

🔎 পৃষ্ঠা নং ৬

২। অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম লিখাঁ।
উত্তৰ : অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম হ'ল -- হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ।

৩। চমুটোকা লিখাঁ।

    (ক) মহীৰঙ্গ দানৱ।
    উত্তৰ : প্ৰাগজ্যোতিষ ৰাজ্যত ৰাজত্ব কৰা
    ৰজাসকলৰ ভিতৰত মহীৰঙ্গ দানৱ অন্যতম।
    এওঁ এজন বিখ্যাত ৰজা আছিল। এওঁ আছিল
    দানৱ বংশৰ প্ৰথম ৰজা। আচৰিত কথাটো
    হৈছে দানৱ বংশৰ মহীৰঙ্গকহে কেৱল দানৱ
    বুলি কোৱা হৈছিল। তেওঁৰ উত্তৰাধিকাৰী
    সকলক অসুৰ বুলিহে কোৱা হৈছিল।

    (খ) নৰকাসুৰ
    উত্তৰ : নৰকাসুৰ বৰ প্ৰৱল প্ৰতাপী ৰজা
    আছিল। এওঁৰ বংশটোৰ নাম আছিল 'ভৌম
    বংশ'। গুৱাহাটীৰ নীলাচল পাহাৰত থকা
    কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা
    আলিবাটটো তেৱেঁই নিৰ্মাণ কৰিছিল। ৰাজত্বৰ
    শেষৰফালে। নৰকাসুৰ অহংকাৰী আৰু বিধৰ্মী
    হৈ পৰে। যাৰ। ফলত তেওঁক দমন কৰিবলৈ
    দ্বাৰকাৰপৰা শ্ৰীকৃষ্ণ আহি উপস্থিত হয় আৰু
    যুদ্ধ কৰি নৰকাসুৰক বধ কৰে।

    (গ) ভগদত্ত
    উত্তৰ : ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল
    দেউতাৰ নিচিনাকৈ ভগদত্তও এজন প্ৰৱল
    প্ৰতাপী বীৰ ৰজা আছিল। এই ভগদত্তৰ
    জীয়াৰী ভানুমতীক মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰ
    দুৰ্যোধনে সয়ম্বৰ সভাত বিয়া কৰাইছিল
    মহাভাৰতত বৰ্ণিত আছে যে কুৰুক্ষেত্ৰ যুদ্ধত
    ভগদত্তই বিৰাট সৈন্যবাহিনী লৈ কৌৰৱৰ পক্ষে
    যুদ্ধ কৰিছিল। এই যুদ্ধৰ সময়ত তেওঁ বাৰ্ধক্য
    সত্ত্বেও কেইবাদিনো প্ৰৱল প্ৰতাপেৰে যুদ্ধ কৰি
    অৱশেষত অৰ্জুনৰ হাতত নিহত হয়।

    (ঘ) বজ্ৰদত্ত
    উত্তৰ : ভগদত্তৰ মৃত্যুৰ পাছত বজ্ৰদত্ত
    প্ৰাগজ্যোতিষ বা কামৰূপৰ ৰজা হয়। তেৱোঁ
    এজন বাহুৱলী ৰজা আছিল। তেওঁ আনকি
    কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰক সম্ৰাট বুলি
    ঘোষণা কৰাৰ উদ্দেশ্য পতা অশ্বমেধ যজ্ঞৰ
    ঘোঁৰা বন্দী কৰি নিজৰ বীৰত্ব প্ৰকাশ
    কৰিছিল।

🔎 পৃষ্ঠা নং ৭

১। কেৱল উত্তৰ লিখাঁ।

    (ক) 'ৰুক্মিণী হৰণ' নাটকৰ ৰচক কোন?
    উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।

    (খ) শিশুপাল ক'ৰ ৰজা?
    উত্তৰ : ছেদী ৰাজ্য।

    (গ) বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন
    ৰাজ্যখনৰ নাম কি?
    উত্তৰ : কুণ্ডিল বা বিদৰ্ভ ৰাজ্য।

    (ঘ) ভীষ্মকৰ ৰাজ্যখনৰ নাম কি?
    উত্তৰ : কুণ্ডিল ৰাজ্য।

    (ঙ) ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা
    ৰাজপুৰোহিত গৰাকীৰ নাম কি?
    উত্তৰ : বেদনিধি।

    (চ) 'কুমাৰ হৰণ' নামৰ কাব্য পুথিখনৰ ৰচক
    কোন?
    উত্তৰ : চন্দ্ৰ ভাৰতী।

    (ছ) ঊষা-অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ
    দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম কি?
    উত্তৰ : ঊষা পৰিণয়।

    (জ) বাণ ৰজাৰ উপাস্যদেৱতা কোন আছিল?
    উত্তৰ : শিৱ।

    (ঝ) চিত্ৰলেখা কোন?
    উত্তৰ : ঊষাৰ সখীয়েক।

২। বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় 'হৰিহৰৰ যুদ্ধ' বুলি কোৱা হয়?
উত্তৰ : বাণ ৰজাৰ একমাত্ৰ জীয়েক ঊষাই সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ কোঁৱৰক 'গন্ধৰ্ব বিবাহ' কৰে। এই খবৰ পাই বাণে অনিৰুদ্ধক বন্দী কৰি থ'লে। ফলত শ্ৰীকৃষ্ণৰ লগত বাণ ৰজাৰ যুদ্ধ হ'ল। এই যুদ্ধত বাণৰ সপক্ষে স্বয়ং শিৱ বা মহাদেৱেও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেইবাবে এই যুদ্ধক 'হৰিহৰৰ যুদ্ধ' বুলি কোৱা হয়।

৩। চমু টোকা লিখাঁ।

    (ক) বাণৰজা
    উত্তৰ : নৰকাসুৰে কামৰূপ ৰাজ্যত ৰাজত্ব
    কৰি থকা সময়ত শোণিতপুৰ ৰাজ্যত বাণ
    ৰজাই ৰাজত্ব কৰি আছিল। এই বাণ দৈত্যৰাজ
    বলিৰ পুত্ৰ। এওঁ বৰ পৰাক্ৰমী ৰজা আছিল
    এই বাণ ৰজাৰ লগতেই নৰকাসুৰৰ অন্তৰংগ
    বন্ধুত্ব আছিল। বাণ শিৱভক্ত আছিল। বাণ
    ৰজাৰ জীয়েক ঊষা পৰমাসুন্দৰী আছিল।
    বৰ্তমানৰ তেজপুৰ নগৰত থকা 'মহাভৈৰৱ'
    শিৱমন্দিৰ এৱেঁই নিৰ্মাণ কৰিছিল।

    (খ) ভীষ্মক ৰজা।
    উত্তৰ : ভীষ্মক এজন প্ৰৱল প্ৰতাপী ৰজা
    আছিল। এওঁ বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল।
    এওঁৰ ৰুক্মিণী নামৰ এগৰাকী দীপলিপ
    জীয়াৰী আছিল। কথিত আছে যে দ্বাৰকাৰ
    ৰজা শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নি বিবাহ
    কৰিছিল। এই ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে
    ছেদী ৰাজ্যৰ ৰজা শিশুপালৰ লগত বিয়া
    দিয়াৰ কথা ভাবিছিল। কিন্তু ৰুক্মিণীয়ে
    দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণকহে স্বামীৰূপে পাবলৈ
    আশা কৰিছিল। সেয়ে তেওঁ ৰাজপুৰোহিত
    বেদনিধিৰ হতুৱাই এই বাৰ্তা গোপনে শ্ৰীকৃষ্ণলৈ
    প্ৰেৰণ কৰে। শ্ৰীকৃষ্ণয়ো এই প্ৰস্তাৱত মান্তি হ'ল
    আৰু ৰুক্মিণীক সয়ম্বৰ সভাৰপৰা হৰণ কৰি
    লৈ যায়।

    (গ) নৰকাসুৰ
    উত্তৰ : নৰকাসুৰ বৰ প্ৰৱল প্ৰতাপী ৰজা
    আছিল। এওঁৰ বংশটোৰ নাম আছিল 'ভৌম
    বংশ'। গুৱাহাটীৰ নীলাচল পাহাৰত থকা
    কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা
    আলিবাটটো তেৱেঁই নিৰ্মাণ কৰিছিল। ৰাজত্বৰ
    শেষৰফালে। নৰকাসুৰ অহংকাৰী আৰু বিধৰ্মী
    হৈ পৰে। যাৰ। ফলত তেওঁক দমন কৰিবলৈ
    দ্বাৰকাৰপৰা শ্ৰীকৃষ্ণ আহি উপস্থিত হয় আৰু
    যুদ্ধ কৰি নৰকাসুৰক বধ কৰে।

    (ঘ) ৰুক্মিণী
    উত্তৰ : ৰুক্মিণী কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ
    জীয়াৰী আছিল। কথিত আছে যে দ্বাৰকাৰ
    ৰজা শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নি বিবাহ
    কৰিছিল। এই ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে
    ছেদী ৰাজ্যৰ ৰজা শিশুপালৰ লগত বিয়া
    দিয়াৰ কথা ভাবিছিল। কিন্তু ৰুক্মিণীয়ে
    দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণকহে স্বামীৰূপে পাবলৈ
    আশা কৰিছিল। সেয়ে তেওঁ ৰাজপুৰোহিত
    বেদনিধিৰ হতুৱাই এই বাৰ্তা গোপনে শ্ৰীকৃষ্ণলৈ
    প্ৰেৰণ কৰে। শ্ৰীকৃষ্ণয়ো এই প্ৰস্তাৱত মান্তি হ'ল
    আৰু ৰুক্মিণীক সয়ম্বৰ সভাৰপৰা হৰণ কৰি
    লৈ যায়।

    (ঙ) ঊষা
    উত্তৰ : ঊষা বাণ ৰজাৰ জীয়েক আছিল। তাই
    পৰম সুন্দৰী আছিল। ঊষা ডাঙৰ হোৱাত
    বাণে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত "ঊষা নগৰ"নামেৰে
    এখন নগৰ সাজি চাৰিওফালে অগ্নিগড়েৰে
    বেৰি তাৰ ভিতৰত ঊষাক থাকিবলৈ দিছিল।
    কিন্তু এনেকৈ ৰখা সত্ত্বেও ঊষাই সখীয়েক
    চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিনীয়েক
    অনিৰুদ্ধ কোঁৱৰক 'গন্ধৰ্ত বিবাহ" (মনে মনে
    বিয়া কৰোৱা প্ৰথা) কৰে।

🔎 পৃষ্ঠা নং ১২

১। একোটাকৈ বাক্যত উত্তৰ লিখাঁ।

    (ক) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন?
    উত্তৰ : পুষ্য বৰ্মণ।

    (খ) বৰ্মণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
    উত্তৰ : ভাস্কৰ বৰ্মণ।

    (গ) হংসবেগ কোন?
    উত্তৰ : ভাস্কৰ বৰ্মণৰ এজন কটকী।

    (ঘ) হৰ্ষবৰ্দ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি?
    উত্তৰ : উত্তৰ ভাৰতৰ থানেশ্বৰ।

    (ঙ) শশাংক কোন ৰাজ্যৰ ৰজা আছিল?
    উত্তৰ : বংগদেশৰ গৌড় ৰাজ্য।

    (চ) ভাস্কৰাব্দ মানে কি?
    উত্তৰ : ভাস্কৰাব্দ হৈছে ৫৯৪ খ্ৰী.ত ভাস্কৰ
    বৰ্মণে সিংহাসনত আৰোহণ কৰি প্ৰচলন কৰা
    এটা নতুন চন।

    (ছ) হিউৱেনচাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম
    কি?
    উত্তৰ : চি-উ-কি।

    (জ) শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন?
    উত্তৰ : অৱন্তিকুমাৰ বা নালস্তম্ভ।

    (ঝ) ৰাজ্যমতীক কালৈ বিয়া দিয়া হৈছিল?
    উত্তৰ : নেপালৰ ৰজা জয়দেৱ।

    (ঞ) নেপালত থকা পশুপতি মন্দিৰ কোনে
    নিৰ্মাণ কৰিছিল?
    উত্তৰ : মহাৰাণী ৰাজ্যমতী।

    (ট) শালস্তম্ভসকলৰ ৰাজধানী চহৰখনৰ নাম
    কি?
    উত্তৰ : হৰুপেশ্বৰ।

    (ঠ) পাল বংশৰ প্ৰতিষ্ঠাতা কোন?
    উত্তৰ : ব্ৰহ্মপাল।

    (ড) কোনজন ৰজাৰ ৰাজত্বকালৰপৰা
    কামৰূপ ৰাজ্য কামৰূপ - কমতা নামেৰে
    পৰিচিত হয়?
    উত্তৰ : সন্ধ্যা ৰজা।

    (ঢ) 'দুৰ্জ্জয়' নগৰলৈ কোনজন ৰজাই
    ৰাজধানী স্থানান্তৰিত কৰিছিল?
    উত্তৰ : ৰজা ৰত্নপাল।

২। চমুটোকা লিখাঁ।

    (ক) ৰাজ্যমতী
    উত্তৰ : ৰাজ্যমতী শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা
    শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েক আছিল।
    নেপালৰ ৰজা জয়দেৱে ৰাজ্যমতীক বিয়া
    কৰাইছিল। মহাৰাণী হৈ ৰাজ্যমতীয়ে নেপালত
    বিখ্যাত 'পশুপতি মন্দিৰ' নিৰ্মাণ কৰাইছিল।

    (খ) অমৃতপ্ৰভা
    উত্তৰ : অমৃতপ্ৰভা কামৰূপৰ ৰজা বলবৰ্মণৰ
    জীয়াৰী আছিল। কাশ্মীৰৰ ৰজা মেঘবাহনে
    অমৃতপ্ৰভাক বিয়া কৰাইছিল। অমৃতপ্ৰভাই
    কাশ্মীৰত 'অমৃত ভৱন' নামৰ বিদেশী
    ভিক্ষুকসকলৰ বাবে এটা বৌদ্ধবিহাৰ নিৰ্মাণ
    কৰাইছিল। তাই কামৰূপৰপৰা স্তুনপা নামৰ
    এজন বৌদ্ধ ধৰ্মগুৰু কাশ্মীৰলৈ লগত লৈ
    গৈছিল। তেওঁৰ ঘৰ আছিল তিব্বতত।
    কাশ্মীৰত তেওঁ 'লো স্তুনপা' নামৰ এটা স্তুপ
    নিৰ্মাণ কৰাইছিল।

    (গ) শ্ৰীহৰ্ষ
    উত্তৰ : শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল
    শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষবৰ্মা। তেওঁৰ জীয়েক
    ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া
    কৰাইছিল। মহাৰাণী ৰাজ্যমতীয়ে নেপালত
    বিখ্যাত 'পশুপতি মন্দিৰ ' নিৰ্মাণ কথাইছিল।
    শ্ৰীহৰ্ষ বৰ্মাৰ মৃত্যুৰ পাছত তেওঁ স্থাপন কৰা
    বিশাল সাম্ৰাজ্যত ভাঙোন আৰম্ভ হয় আৰু
    কামৰূপৰ গৌৰৱ ভালেখিনি হ্ৰাস হয়।

    (ঘ) পুষ্যবৰ্মণ
    উত্তৰ : পুষ্য বৰ্মণ বৰ্মণ বংশৰ আদি ৰজা
    আছিল। এওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ
    সমসাময়িক আছিল।

    (ঙ) হিউৱেনচাং
    উত্তৰ : হিউৱেন চাং কামৰূপৰ ৰজা ভাস্কৰ
    বৰ্মণৰ আমন্ত্ৰণক্ৰমে ৬৪৩ খ্ৰীষ্টাব্দত
    কামৰূপলৈ আহিছিল। তেওঁ কামৰূপত প্ৰায়
    এমাহ কাল আছিল। হিউৱেন চাঙে চীনলৈ
    উভতি গৈ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা লৈ লিখা
    গ্ৰন্থ 'চি-উ-কি'ত কামৰূপ ৰাজ্যৰ বিষয়েও এটি
    টোকা আছে।

    (চ) শ্ৰীহৰ্ষবৰ্দ্ধন
    উত্তৰ : শ্ৰীহৰ্ষবৰ্দ্ধন উত্তৰ ভাৰতৰ
    থানেশ্বৰৰ ৰজা আছিল। বৰ্মণ বংশৰ সৰ্বশ্ৰেষ্ঠ
    ৰজা ভাস্কৰ বৰ্মণৰ লগত এওঁৰ মিত্ৰতা
    আছিল। এই মিত্ৰতা স্থাপন কৰিবৰ বাবেই
    ভাস্কৰ বৰ্মনে 'হংসবেগ' নামৰ এজন কটকী
    পঠাইছিল। বংগদেশৰ গৌড় ৰাজ্যৰ ৰজা
    শশাংকৰ লগত শ্ৰীহৰ্ষৰ ভাল ভাব নাছিল। সেই
    কাৰণে ভাস্কৰ বৰ্মণৰ লগত লগলাগি তেওঁৰ
    বিৰুদ্ধে যুদ্ধ কৰি পৰাস্ত কৰে। আৰু ৰাজ্যখনৰ
    এটা অংশ অধিকাৰ কৰে।

৩। এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি?
উত্তৰ : এলাহাবাদৰ শিলালিপিৰ গুৰুত্ব হ'ল - ইয়াতে কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাৱে পোনপ্ৰথমে উল্লেখ কৰাৰ কথা পোৱা যায়।

৪। মুছলমানৰ প্ৰথম আক্ৰমণৰ এটি ফলাফল লিখাঁ।
উত্তৰ : পৃথৃু ৰজাই বখ্তিয়াৰ খিলি্জিৰ সৈতে হোৱা যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্যতে নিগাজিকৈ থকাৰ ব্যৱস্থা কৰি দিয়ে।

🔎 পৃষ্ঠা নং ১৩

৫। ভাস্কৰ বৰ্মণৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা চাৰিটা সমলৰ নাম লিখাঁ।
উত্তৰ : ভাস্কৰ বৰ্মণৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা চাৰিটা সমলৰ নাম হ'ল -
ডুবি আৰু নিধানপুৰ তামৰ ফলি, বাণভট্টৰ ৰচিত হৰ্ষচৰিত, হিউৱেন চাঙৰ চি-উ-কি আৰু বিহাৰৰ নালন্দাত পোৱা মাটিৰ মোহৰ।

৬। কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম লিখাঁ।
উত্তৰ : কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম হ'ল - হৰুপেশ্বৰ, দুৰ্জ্জয়, কামৰূপ নগৰ আৰু কমতা।

৭। কানাই বৰশী বোৱা শিলালিপিত কি লিখা আছে ?
উত্তৰ : কানাই বৰশী বোৱা শিলালিপিত লিখা আছে যে ১১২৭ শকৰ চ'ত মাহৰ ১৩ তাৰিখে (১২০৬ খ্ৰী.) মুছলমানসকল কামৰূপলৈ আহি পৰাজয় বৰণ কৰিছিল।

৮। ক-অংশৰ লগত খ-অংশ মিলোৱাঁ।
উত্তৰ :
    ⏺️ এলাহাবাদ প্ৰশস্তি  - গুপ্তসম্ৰাট সমুদ্ৰগুপ্তই
          খোদিত কৰিছিল।
    ⏺️ ডবাক পাল বংশৰ এজন ৰজা - কপিলী
          উপত্যকাত অৱস্থিত এখন ৰাজ্য।
    ⏺️ কৰ্ণসুৱৰ্ণ - গৌড়ৰ ৰাজধানী।
    ⏺️ ৰত্নপাল - পাল বংশৰ শেষ ৰজা।
    ⏺️ ত্যাগসিংহ - শালস্তম্ভ বংশৰ শেষ ৰজা।
    ⏺️ নিধানপুৰ তামৰফলি - কামৰূপৰ ৰজা
          ভাস্কৰবৰ্মনে খোদিত কৰিছিল।
➖➖➖➖➖➖➖➖➖➖➖➖➖➖

📖 সপ্তম অধ্যায় : মৌলিক প্ৰয়োজন        ৬৭-৭৭

Post a Comment

0 Comments