Class 6 | অজাবি সমাজ বিজ্ঞান AJB SOCIAL SCIENCE | সপ্তম অধ্যায় : মৌলিক প্ৰয়োজন ৬৭-৭৭

বিষয় - পৌৰবিজ্ঞান আৰু অৰ্থবিজ্ঞান

🔎 পৃষ্ঠা নং ৭৭

১। একোটাকৈ বাক্যত উত্তৰ দিয়াঁ।

    (ক) মৌলিক প্ৰয়োজন কাক বোলে ?
    উত্তৰ : মানুহৰ দৈনন্দিন জীৱনত বিভিন্ন
    ধৰণৰ বস্তুৰ প্ৰয়োজন হয়। কেইবিধমান
    সামগ্ৰী অবিহনে মানুহ জীয়াই থাকিব
    নোৱাৰে। এনে সামগ্ৰী কেইবিধকে মৌলিক
    প্ৰয়োজন বোলে।

    (খ) পাৰিপাৰ্শ্বিক অৱস্থা কাক বোলে?
    উত্তৰ : বিভিন্ন অৱস্থাৰ এক উমৈহতীয়া
    অৱস্থাক পাৰিপাৰ্শ্বিক অৱস্থা বোলে।

    (গ) মেৰু অঞ্চলৰ এস্কিম'সকলৰ প্ৰধান আহাৰ
    কি?
    উত্তৰ : মাছ আৰু মঙহ।

    (ঘ) বেদুইনসকলৰ প্ৰধান খাদ্য আৰু প্ৰিয়
    পানীয় কি?
    উত্তৰ : বেদুইনসকলৰ প্ৰধান খাদ্য হ'ল উটৰ
    মঙহ আৰু প্ৰিয় পানীয় হ'ল উটৰ গাখীৰ।

    (ঙ) ঘৰ বা বাসস্থান কাক বোলে?
    উত্তৰ : যি ব্যৱস্থাই মানুহক নিৰাপত্তা, আশ্ৰয়
    আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্যৱস্থাটোকে
    বাসস্থান বা ঘৰ বোলে।

    (চ) কোনখিনি সময়ক তাম্ৰপ্ৰস্তৰ যুগ বোলা
    হয়?
    উত্তৰ : প্ৰস্তৰ যুগ আৰু ধাতু যুগৰ মাজৰ
    সময়ক তাম্ৰপ্ৰন্তৰ যুগ বোলা হয়।

    (ছ) মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি
    কি?
    উত্তৰ : পশুপালক।

    (জ) ব্যক্তিগত প্ৰয়োজন কাক বোলে?
    উত্তৰ : মানুহৰ ব্যক্তিগত জীৱন-ধাৰণাৰ বাবে
    যিবোৰ বস্তুৰ প্ৰয়োজন হয় তাকে ব্যক্তিগত
    প্ৰয়োজন বোলা হয়।

    (ঝ) সামাজিক প্ৰয়োজন কাক বোলে?
    উত্তৰ : মানুহে সামাজিক প্ৰাণী হিচাপে জীয়াই
    থাকিবলৈ যিবোৰৰ প্ৰয়োজন অনুভৱ হয়
    তাকে সামাজিক প্ৰয়োজন বোলে।

২। খালী ঠাই পূৰ কৰাঁ।

    (ক) এস্কিম'সকলৰ প্ৰধান জীৱিকা হ'ল ____
    কৰা।
    উত্তৰ : চিকাৰ।

    (খ) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ
    লোকসকলৰ প্ৰধান আহাৰ ____।
    উত্তৰ : নাৰিকল।

    (গ) ____ যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ।
    উত্তৰ : প্ৰস্তৰ।

    (ঘ) মানুহে পোন প্ৰথমে অনুভৱ কৰা
    প্ৰয়োজনবিধ হ'ল ____।
    উত্তৰ : আহাৰ।

৩। যথাযথ উত্তৰ লিখাঁ।

    (ক) বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ
    বেলেগ হোৱাৰ প্ৰধান কাৰণকেইটা কি কি?
    উত্তৰ : বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ
    বেলেগ হোৱাৰ প্ৰধান কাৰণকেইটা হ'ল ---
           ⏺️পাৰিপাৰ্শ্বিক অৱস্থা।
           ⏺️মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ।
           ⏺️ধৰ্ম - বিশ্বাস, ঐতিহ্য, সংস্কাৰ আদি।

    (খ) সাজপাৰ পৰিধান কৰাৰ যি কোনো
    তিনিটা প্ৰয়োজনীয়তা উল্লেখ কৰা।
    উত্তৰ : সাজপাৰ পৰিধান কৰাৰ যি কোনো
    তিনিটা প্ৰয়োজনীয়তা উল্লেখ কৰা হ'ল ---
          ⏺️ লাজ নিবাৰণ।
          ⏺️ শৰীৰক ৰক্ষা কৰা।
          ⏺️ নিজকে ধুনীয়া কৰা।

➖➖➖➖➖➖➖➖➖➖➖➖➖➖

📖 প্ৰথম অধ্যায় : অসমৰ ইতিহাস
প্ৰাগঐতিহাসিক যুগৰপৰা দ্বাদশ শতিকালৈ।
১-১৬

Post a Comment

0 Comments