১। কাৰণ, প্ৰণালী, গুণ, বৰ্ণ, কষ্ট, কৃষ্ণ, নিষিদ্ধ
[HSLC '98]
উত্তৰ :
কাৰণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
প্ৰণালী -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
গুণ -- স্বাভাবিকতে দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বৰ্ণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
কৃষ্ণ -- 'ষ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
নিষিদ্ধ -- স্বাভাবিকতে দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
২। নৰনাৰায়ণ, প্ৰণালী, সংঘৰ্ষ, কৃষ্ণ
[HSLC '99]
উত্তৰ :
নৰনাৰায়ণ -- 'নাৰ' শব্দৰ পিছত বহা 'অয়ন'
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
প্ৰণালী -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
সংঘৰ্ষ -- 'ৰ'ৰ পাছৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
কৃষ্ণ -- 'ষ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
৩। কাৰণ, নাৰায়ণ, শ্ৰীচৰণেষু, কষ্ট
[HSLC '01]
উত্তৰ :
কাৰণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
নাৰায়ণ -- 'নৰ' শব্দৰ পিছত বহা 'অয়ন'
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
শ্ৰীচৰণেষু -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
৪। তৃণ, কৃপণ, কৃষ্ণ, কষ্ট [HSLC '02]
উত্তৰ :
তৃণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কৃপণ -- 'ঋ' আৰু 'ন' ৰ মাজত 'প' বৰ্গ থাকিলে
দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কৃষ্ণ -- 'ষ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
৫। আমৰণ, তৃণ, নষ্ট, অনুষ্ঠান [HSLC '03]
উত্তৰ :
আমৰণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
তৃণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
নষ্ট --ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
অনুষ্ঠান -- উ কাৰান্ত উপসৰ্গৰ পাছত থকা
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
৬। পাষাণ, কৰুণা, সুষমা, যুধিষ্ঠিৰ
[HSLC '04]
উত্তৰ :
পাষাণ -- 'ষ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কৰুণা -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
সুষমা -- 'সু' উপসৰ্গৰ পাছত থকা 'সম' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
যুধিষ্ঠিৰ -- 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
৭। ঋণ, বৰ্ণ, কষ্ট, দোষ [HSLC '05]
উত্তৰ :
ঋণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বৰ্ণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
দোষ -- স্বাভাবিকতে দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
৮। কাৰণ, কষ্ট [HSLC '07]
উত্তৰ :
কাৰণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
৯। পৰায়ণ, সুষম [HSLC '09]
উত্তৰ :
পৰায়ণ - 'পৰ' শব্দৰ পিছত বহা 'অয়ন'
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
সুষম - 'সু' উপসৰ্গৰ পাছত থকা 'সম' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
১০। দুষ্ট, কৰ্ণ [HSLC '10]
উত্তৰ :
দুষ্ট -- 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য 'স'
মূৰ্ধন্য 'ষ' হয়।
কৰ্ণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
১১। পৰিষ্কাৰ, তৰ্পণ, কৃষি, কৰ্ণ [HSLC '12]
উত্তৰ :
পৰিষ্কাৰ -- ই কাৰান্ত উপসৰ্গৰ পাছত থকা
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
তৰ্পণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কৃষি -- 'ঋ'ৰ পাছৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ'
হয়।
কৰ্ণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
১২। ঋণ, কাৰণ, শ্ৰীচৰণেষু, বৰষুণ
[HSLC '13]
উত্তৰ :
ঋণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কাৰণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
শ্ৰীচৰণেষু -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বৰষুণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
১৩। তৃণ, বিষয়, প্ৰণাম, যুধিষ্ঠিৰ [HSLC '14]
উত্তৰ :
তৃণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বিষয় -- ই কাৰান্ত উপসৰ্গৰ পাছত থকা
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
প্ৰণাম -- 'প্ৰ' উপসৰ্গৰ পিছত থকা 'নম' আদি
ধাতুৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
যুধিষ্ঠিৰ -- 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
১৪। ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ
[HSLC '15]
উত্তৰ :
ঋণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
উত্তৰায়ণ -- 'উত্তৰ' শব্দৰ পিছত বহা 'অয়ন'
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বিষাদ -- স্বাভাবিকতে দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
যুধিষ্ঠিৰ -- 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
১৫। 'তৃণ' নাইবা 'কৰুণ' শব্দত কি কাৰণে 'ণ' ব্যৱহাৰ হয়, লিখা। [HSLC '06]
উত্তৰ :
তৃণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
কৰুণ -- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
১৬। 'কৃষক' নাইবা 'যুধিষ্ঠিৰ' শব্দত কি কাৰণে 'ষ' ব্যৱহাৰ হয়, লিখা। [HSLC '06]
উত্তৰ :
কৃষক : স্বাভাবিকতে দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
যুধিষ্ঠিৰ -- 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
১৭। ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। [HSLC ' 07, '08, '09, '11]
উত্তৰ : ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া হ'ল ----
(ক) একেটা পদতে ঋ, ৰ আৰু ষ ৰ পিছত
থকা দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
যেনে :- ঋণ, তৃণ।
(খ) উত্তৰ আৰু ৰাম শব্দৰ পিছত থকা অয়ন
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
যেনে :- উত্তৰায়ণ, ৰামায়ণ।
১৮। ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। [HSLC '08, '09, '11]
উত্তৰ : ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া হ'ল ----
(ক) সু আৰু বি উপসৰ্গ পিছত থকা সম
শব্দৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
যেনে :- সুষমা, বিষম।
(খ) প্ৰত্যয় যোগ হ'লে চক্ষুস আৰু হবিস
শব্দৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
যেনে :- চাক্ষুষ, হবিষ্য।
১৯। তলৰ শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখা।
প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ। [HSLC '16]
প্ৰতিষ্ঠা ---- ই কাৰান্ত উপসৰ্গৰ পাছত স্থা
ধাতুৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
বৰুণ ---- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বৰ্ষ --- 'ৰ'ৰ পাছৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
তৃণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়। [HSLC '17]
ঋণ -- 'ঋ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
বৰুণ ---- 'ৰ'ৰ পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
ভূমিষ্ঠ ---- ভূমি শব্দৰ পাছত থকা স্থ শব্দৰ
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
বিষয় ---- ই কাৰান্ত উপসৰ্গৰ পাছত থকা
দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
প্ৰণাম, পৰায়ণ, ঋষভ, সুষম [HSLC'18]
প্ৰণাম ---- 'প্ৰ' উপসৰ্গৰ পিছত থকা 'নম'
আদি ধাতুৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
পৰায়ণ ---- পৰ শব্দৰ পিছত থকা অয়ন
শব্দৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
ঋষভ ---- 'ঋ'ৰ পাছৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ'
হয়।
সুষম ---- 'সু' উপসৰ্গৰ পাছত থকা 'সম'
শব্দৰ দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
Assamese Grammar :-
বিপৰীত শব্দ
সমাৰ্থক শব্দ
সমাস
সন্ধি
Hindi Grammar :
विपरीतार्थक या विलोम शब्द
English Grammar :
Vocabulary (i)
Vocabulary (ii)
Preposition (i)
Preposition (ii)
Determiner (i)
Determiner (ii)
Narration (i)
Narration (ii)
Narration (ix)(i)
Voice for class 9 (i)
Tense Form.
Synthesis/Combine Sentence (i)
Synthesis/Combine Sentence (ii)
Reading comprehension
1. The great advantage of
early ..........
5 Comments
(২) ই-কাৰান্ত উপসৰ্গৰ পাছত থকা দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' হয়।
এই দুটা আপোনাৰ ইয়াত ভুল হৈ আছে নেকি, চাবচোন। :)