১। কাঁচৰ বাচন গঢ়োঁতা। [HSLC '11, '13]
উত্তৰ : কঁহাৰ
২। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।
[HSLC '12]
উত্তৰ : কৃতজ্ঞ, অকৃতঘ্ন
৩। মাটিৰ বাচন সাজোঁতা। [HSLC'12]
উত্তৰ : কুমাৰ
৪। যাক সহজে লংঘন কৰিব নোৱাৰি।
[HSLC'12]
উত্তৰ : অলংঘ্য
৫। বাটেদি যোৱা মানুহ।। [HSLC'12]
উত্তৰ : বাটৰুৱা
৬। ঘৰতে থাকি কৰিব পৰা উদ্যোগ।
[HSLC'13]
উত্তৰ : কুটীৰ শিল্প
৭। যাৰ মৰণ নাই। [HSLC'13]
উত্তৰ : আমৰণ
৮। যাক পৰিহাৰ কৰিব নোৱাৰি। [HSLC'14]
উত্তৰ : অপৰিহাৰ্য
৯। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে [HSLC'14]
উত্তৰ : জিতেন্দ্ৰয়
১০। যাৰ কোনো শত্ৰু জন্মা নাই। [HSLC'14]
উত্তৰ : অজাতশত্ৰু
১১। কঁঠালৰ সৰু কলি।। [HSLC'14]
উত্তৰ : মুচি
১২। পনীয়া গাখীৰ দিয়া গাইগৰু।
[HSLC '15, 18]
উত্তৰ : জলাহী
১৩। যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।
[HSLC'15]
উত্তৰ : নাস্তিক
১৪। যি কথাৰ অৰ্থ নাই।। [HSLC'15]
উত্তৰ : নিৰৰ্থক
১৫। এবাৰ গুটি লাগি মৰা গছ।। [HSLC'15]
উত্তৰ : ঔষধি
১৬। যি কণীৰ পৰা জন্মে।। [HSLC'16]
উত্তৰ : অণ্ডজ
১৭। যি আগেয়ে হোৱা নাই। [HSLC'16]
উত্তৰ : অভূতপূৰ্ব
১৮। একে গুৰুৰ শিষ্য।। [HSLC'16]
উত্তৰ : সতীৰ্থ
১৯। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।
[HSLC'16]
উত্তৰ : অকৃতজ্ঞ, কৃতঘ্ন
২০। বিষ্ণুৰ ভকত যি তেওঁ।। [HSLC'17]
উত্তৰ : বৈষ্ণৱ
২১। ৰান্ধি খাব পৰা কলৰ পুলি।। [HSLC'17]
উত্তৰ : পচলা
২২। একে মাতৃৰ গৰ্ভত জন্ম যাৰ।। [HSLC'17]
উত্তৰ : সহোদৰ, সোদৰ
২৩। একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা
লোক। [HSLC'17]
উত্তৰ : অঘৰী
২৪। যি একেলগে পঢ়ে। [HSLC'18]
উত্তৰ : সহপাঠী
২৫। যাক মূল্য দি কিনিব নোৱাৰি। [HSLC'18]
উত্তৰ : অমূল্য
২৬। যাক পৰিত্যাগ কৰিব নোৱাৰি।
[HSLC'18]
উত্তৰ : অপৰিহাৰ্য
অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী
২৭। যি মাটি ফুটি ওলায়।
উত্তৰ : উদ্ভিদ।
২৮। পানী আৰু মাটিত চৰে যি।
উত্তৰ : উভচৰ।
২৯। যি আনৰ অধীন নহয়।
উত্তৰ : স্বাধীন।
৩০। যি অনাই বনাই ঘূৰি ফুৰে।
উত্তৰ : অঘৰী।
৩১। আনৰ ভাল দেখিব নোৱাৰা।
উত্তৰ : পৰশ্ৰীকাতৰ।
৩২। একে মাকৰ সন্তান।
উত্তৰ : সহোদৰ।
৩৩। একেলগে ওপজা দুটা সন্তান।
উত্তৰ : যমজ।
৩৪। শৰৎ কালত হোৱা অনুষ্ঠান।
উত্তৰ : শাৰদীয়।
৩৫। যি পানীত জন্মে।
উত্তৰ : জলজ।
৩৬। যি পৰিণাম চিন্তা কৰি কাম কৰে।
উত্তৰ : দূৰদৰ্শী।
৩৭। যি কথা কোৱা উচিত নহয়।
উত্তৰ : অকথ্য।
৩৭। যাক পুৰিব নোৱাৰি।
উত্তৰ : অদাহ্য।
৩৮। যাক সহজে লাভ কৰা যায়।
উত্তৰ : সুলভ।
৩৯। যাৰ সকলো বস্তু অঁটাকৈ আছে।
উত্তৰ : আটন্তিয়াৰ।
৪০। চোবাই খোৱা বস্তু।
উত্তৰ : চৰ্ব্য।
৪১। চেলেকি খোৱা বস্তু।
উত্তৰ : লেহ্য।
৪২। আগেয়ে নোহোৱা ঘটনা।
উত্তৰ : অভূতপূৰ্ব।
৪৩। মাটিৰে যি নিৰ্মিত।
উত্তৰ : মৃণ্ময়।
৪৪। আনৰ দোষ দেখা স্বভাৱ।
উত্তৰ : অসূয়া।
৪৫। যাক দেখা নাযায়।
উত্তৰ : অদৃশ্য।
৪৬। পথৰ পৰা যি বিচলিত হৈছে।
উত্তৰ : বিপথগামী।
৪৭। যিয়ে বিষ্ণুক পূজা কৰে।
উত্তৰ : বৈষ্ণৱ।
৪৮। হঠাতে হোৱা ঘটনা।
উত্তৰ : আকস্মিক।
৪৯। অতিশয় শীতো নহয়, উষ্ণও নহয়।
উত্তৰ : নাতিশীতোষ্ণ।
৫০। বিপদৰ সময়ত ওলোৱা বুদ্ধি।
উত্তৰ : প্ৰতুৎপন্নমতি।
৫১। পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ যি।
উত্তৰ : পুৰুষোত্তম।
৫২। যি মাটিৰ উৎপাদিকা শক্তি নাই।
উত্তৰ : অনুৰ্বৰ।
৫৩। বোকাত যাৰ জন্ম।
উত্তৰ : পংকজ।
৫৪। যি নিয়মমতে খৰছ কৰে।
উত্তৰ : মিতব্যয়ী।
৫৫। যাক নিবাৰণ কৰিব নোৱাৰি।
উত্তৰ : অনিবাৰ।
Assamese Grammar :-
বিপৰীত শব্দ
সমাৰ্থক শব্দ
সমাস
সন্ধি
Hindi Grammar :
विपरीतार्थक या विलोम शब्द
English Grammar :
Vocabulary (i)
Vocabulary (ii)
Preposition (i)
Preposition (ii)
Determiner (i)
Determiner (ii)
Narration (i)
Narration (ii)
Narration (ix)(i)
Voice for class 9 (i)
Tense Form.
Synthesis/Combine Sentence (i)
Synthesis/Combine Sentence (ii)
Reading comprehension
1. The great advantage of
early ..........
91 Comments
sure for 2020 hslc examinations?
1. ji nojor petor kotha sinta kore.?
2. ji tinio kalor kotha jane ?
Mati aru panit sore ji
Plz ,plz,plz jokdi
Plz reply sir
পানীত ফুলা ফুল -
Plz reply sir.
যি ৰাতি ফুলে
২। বালীয়া ঠাইত হোৱা ঘাঁহ
উত্তৰ : অঘৰী।
এইটো যাযাবৰ hobo nki?