ণত্ব বিধি

কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত, বিশেষকৈ শব্দ  এটাৰ দন্ত্য ন মূৰ্ধণ্য ণ আৰু দন্ত্য স মূৰ্ধণ্য ষ লৈ সলনি হোৱাটো মনকৰিবলগীয়া।

যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য ন মূৰ্ধণ্য ণ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ণত্ব বিধি বোলে।

আনহাতে, যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য স মূৰ্ধণ্য ষ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ষত্ব বিধি বোলে।





 ণত্ব বিধি 

১। কেতিয়াবা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - ঋণ, তৃণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু।

২। ঋ, ৰ ষ আৰু দন্ত্য ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ নাইবা য, ৱ হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - কৃপণ, কাৰণ, হৰণ, পূৰণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, লক্ষণ, কাৰুণ্য়।

৩। উত্তৰ, দক্ষিণ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - উত্তৰায়ণ, দক্ষিণায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ।

৪। অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ ন আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - অক্ষৌহিণী, শূৰ্পণখা।

৫। প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ লগত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়।
যেনে - প্ৰাহ্ন, পূৰ্বাহ্ণ, অপৰাহ্ণ।

৬। ট বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য ন সদায়ে মূৰ্ধণ্য ণ হয়। যেনে - কণ্টক, কণ্ঠ, পিণ্ড, বিষণ্ণ, লুণ্ঠন, সণ্ঢালনি, দণ্ড।

৭। ৰ-কাৰান্ত আৰু ষ-কাৰান্ত শব্দৰ লগত 'পান' শব্দ যোগ হ'লে, পান শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে- ক্ষীৰপাণ, বিষপাণ।

৮। প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম্, নী আৰু নু আদি ধাতুৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়।
যেনে - প্ৰণাম, পৰিণাম, প্ৰণিপাত, পৰিণতি, পৰিণয়, নিৰ্ণয়, প্ৰণৱ।

৯। ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - দুৰ্বাবণ, বদৰিবণ, হৰিদ্ৰাবণ।

১০। গগন, ফাগুন আৰু ফেন শব্দ বিকল্পে গগণ, ফাগুণ আৰু ফেণ লিখা হয়।

১১। কিছুমান শব্দৰ ণ-বোৰ স্বভাৱতে মূৰ্ধন্য ণ হয়।
যেনে - বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ, কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ, লৱণ,‌‌‌ মাণিক্য, অণু, মণি, কোণ, গুণ, চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তুণ।

ণ নিষেধ

১। দুটা যুক্ত পদ হলে আগৰ পদত ঋ, ৰ আৰু ষ থাকিলেও পাছৰ পদৰ দন্ত্য ন মূৰ্ধণ্য ণ নহয়।
যেনে - আয়ুষ্কামনা, ত্ৰিনয়ন, দুৰ্নাম, বৃন্দাবন, বৃষযান, ৰঘুনন্দনপুৰ, সৰ্বনাম, হৰিনাম।

২। ত, থ, দ আৰু ধ-ৰ পাছত সদায় দন্ত্য ন হয়।
যেনে - অন্ধ, চন্দন, দন্ত, নন্দন, বন্ধ, গ্ৰন্থ।

  Assamese Grammar:-

         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         ৭০ টা এটা শব্দত প্ৰকাশ কৰা

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

 Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

 English Grammar For Class 9 :
           Voice.
           Narration.

 English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)
          160 Preposition with teaching

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)            

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........

To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

Post a Comment

0 Comments