১০০ টা এটা শব্দত প্ৰকাশ কৰা

Last Updated In 09/04/2019

১. কৰিবলগীয়া কাম -- কৰ্তব্য।

 ২. যাক সহজে লাভ কৰা যায় -- সুলভ।

 ৩. যাক পাবলৈ টান -- দুৰ্লভ।

 ৪. যাৰ পুত্ৰ নাই -- অপুত্ৰক।

 ৫. যি সংকল্প কৰিছে -- কৃতসংকল্প।

 ৬. যি অনাই বনাই ঘূৰি ফুৰে -- যাযাবৰ,
          অঘৰী।

 ৭. যাৰ মূৰত চুলি নাই -- তপামূৰ।

 ৮. যি মৰোঁ মৰোঁ অৱস্থাত আছে -- মুমুৰ্ষু।

 ৯. যি কোনো পক্ষ নলয় -- নিৰপেক্ষ।

 ১০. যাৰ পূৰ্ব জন্মৰ কথা মনত আছে --
            জাতিস্মৰ।

 ১১. যি সমাপ্ত হোৱা নাই -- অসমাপ্ত।

 ১২. যি কণীৰ পৰা জন্মে -- অণ্ডজ।

 ১৩. য'লৈ যোৱা টান -- দুৰ্গম।

 ১৪. যি ৰণত মতলীয়া -- ৰণমত্ত।

 ১৫. যি বিষ্ণুক পূজা কৰে -- বৈষ্ণৱ।

 ১৬. যি শিৱক পূজা কৰে -- শৈৱ।

 ১৭. যি শক্তিক পূজা কৰে -- শাক্ত।

 ১৮. যাৰ দয়া-মমতা নাই -- নিৰ্দয়।

 ১৯. কথা কোৱাৰ যি ইচ্ছা -- বিবক্ষা।

 ২০. মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা
             -- জিঘাংসা।

 ২১. যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই)
             -- অজাতশত্ৰু।

 ২২. যি সকলো জানে -- সৰ্বজ্ঞ।

 ২৩. যি গোচৰ তৰে -- গুচৰীয়া।

 ২৪. যি ৰাতি চৰে -- নিশাচৰ।

 ২৫. যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে
             -- অবিবেচক।

 ২৬. যাক পৰিহাৰ কৰিব নোৱাৰি --
            অপৰিহাৰ্য।

 ২৭. যি কথা কোৱা উচিত নহয় -- অকথ্য।

 ২৮. যিজনে ইন্দিয় জয় কৰিব পাৰে --
            জিতেন্দ্ৰিয়।

 ২৯. যি কথাৰ অৰ্থ নাই -- অৰ্থহীন, নিৰৰ্থক।

 ৩০. যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে --
            দূৰদৰ্শী।

 ৩১. যিজনে দূৰলৈ দেখে -- দূৰদৰ্শী।

 ৩২. যি আগেয়ে হোৱা নাই -- অভূতপূৰ্ব।

 ৩৩. যাৰ দুই হাত সমানে চলে -- সব্যসাচী।

 ৩৪. নিজে নিজে হোৱা -- স্বয়ম্ভু।

 ৩৫. পি খোৱা বস্তু -- পেয়।

 ৩৬. চেলেকি খোৱা বস্তু -- লেহ্য।

 ৩৭. চোবাই খোৱা বস্তু -- চব্য।

 ৩৮. দৰমহা নোলোৱাকৈ কাম কৰা মানুহ -
            অবৈতনিক।

 ৩৯. ভৰিৰপৰা মূৰলৈকে -- আপাদমস্তক।

 ৪০. আনৰ দোষ দেখা স্বভাৱ -- অসূয়া।

 ৪১. সখিয়েকৰ মাক -- আমৈ।

 ৪২. বন্ধু-বান্ধৱীৰ সৈতে -- সবান্ধৱে।

 ৪৩. কাৰো নাম নধৰাকৈ পৰা গালি -- গুৱাল
            গালি।

 ৪৪. ফুল নুফুলাকৈ গুটি হোৱা গছ-
            বনস্পতি।

 ৪৫. সীমা নথকা -- অসীম।

 ৪৬. মাটিৰে নিৰ্মিত -- মৃণ্ময়।

 ৪৭. মেলত পাৰ্গত -- মেলেকী।

 ৪৮. লোকক দেখি পাছত যি কৰে -
            অনুকৰণ।

 ৪৯. এটা সন্তান হোৱাৰ পিছত আৰু সন্তান
            নোহোৱা তিৰোতা -- কাকবন্ধ্যা,
            বিয়ৈবাঁজী, কাউৰ বাঁজী।

 ৫০. হতভাগ্য যাৰ -- হতভগা।

 ৫১. ধান ৰোৱা তিৰোতা -- ৰোৱনী।

 ৫২. ধান দোৱা তিৰোতা -- দাৱনী।

 ৫৩. বীণা আছে পাণিত যাৰ -- বীণাপাণি

 ৫৪. দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ --
             দেশকৰ্মী।

 ৫৫. দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ --
             শ্বহীদ।

 ৫৬. পথৰপৰা যি বিচলিত হৈছে -- পথভ্ৰষ্ট।

 ৫৭. নোহোৱা বস্তু যি উলিয়ায় -- আৱিষ্কাৰক
             উদ্ভাৱক।

 ৫৮. ৰূপেৰে নিৰ্মিত বা চৰোৱা -- ৰূপোৱালী।

 ৫৯. সোণেৰে নিৰ্মিত বা সোণ চৰোৱা --
             সোণোৱালী।

 ৬০. দেশক ভাল পোৱা মানুহ -- দেশভক্ত,
              দেশপ্ৰেমিক।

 ৬১. নিজৰ ওপৰত যি নিৰ্ভৰ কৰে --স্বাৱলম্বী,
             আত্মনিৰ্ভৰশীল
 ৬২.বহুত কলগছ থকা ঠাই -- কলনি।

 ৬৩. আনৰ ভাল দেখিব নোৱাৰা
             পৰশ্ৰীকাতৰ।

 ৬৪. গোটেই জীৱনজুৰি -- আজীৱন।

 ৬৫. দীৰ্ঘকাল জীয়াই থকা -- দীৰ্ঘজীৱী।

 ৬৬. হঠাতে হোৱা ঘটনা -- আকস্মিক।

 ৬৭. বিহুৰ আগদিনা -- উৰুকা।

 ৬৮. লোকৰপৰা নিন্দা -- লোকনিন্দা।

 ৬৯. যি হিচাপমতে নচলে -- বেহিচাপী।

 ৭০. ভিক্ষাৰ অভাৱ -- দুৰ্ভিক্ষ।

 ৭১. ঘৰ নাই যাৰ -- অঘৰী।

 ৭২. প্ৰৱাসত থকা মানুহ -- প্ৰৱাসী, প্ৰৱসুৱা।

 ৭৩. একে গুৰুৰ শিষ্য -- সতীৰ্থ, হৰি ভকত।

 ৭৪. সত্য কথা কোৱা মানুহ -- সত্যবাদী।

 ৭৫. ঈশ্বৰত যাৰ বিশ্বাস নাই -- নাস্তিক।

 ৭৬. যাৰা অন্ত নাই -- অনন্ত।

 ৭৭. বোকাত যাৰ জন্ম -- পংকজ।

 ৭৮. নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা
             তিৰোতা -- মানিনী

 ৭৯. যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে --
             কৃতজ্ঞ।

 ৮০. যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে --
             অকৃতজ্ঞ

 ৮১. যি পুৰুষৰ ঘৈণীয়েক মৰিছে -- বৰলা।

 ৮২. যাক দেখা নাযায় -- অদৃশ্য।

 ৮৩. যি নাৰীৰ স্বামী মৰিছে --  বিধৱা।

 ৮৪. এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি
             যায় -- ঔষধি।

 ৮৫. বিয়া নকৰোৱা মানুহ -- অবিবাহিত,
             বৰলা বা ডাং বৰলা।

 ৮৬. একে উদৰৰ পৰা বা একে মাকৰ পৰা
             জন্ম যাৰ -- সহোদৰ, সহোদৰা।

 ৮৭. পৰৰ অধীন -- পৰাধীন।

 ৮৮. পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ --
             পৰমুখাপেক্ষী

 ৮৯. পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় --
             পৰশ্ৰীকাতৰ।

 ৯০. যি গৰু ম'হৰ গাড়ী চলায় -- গাড়োৱান।

 ৯১. কানি খোৱা মানুহ -- কানীয়া।

 ৯২. বাটেদি যোৱা মানুহ -- বাটৰুৱা।

 ৯৩. মিছা কথা কোৱা মানুহ -- মিছলীয়া।

 ৯৪. কাঁহৰ বাচন গঢ়োঁতা -- কঁহাৰ।

 ৯৫. মাটিৰ বাচন সাজোঁতা -- কুমাৰ।

 ৯৬. যি সকলে নাও বায় -- নাৱৰীয়া।

 ৯৭. যি জলত চৰে -- জলচৰ।

 ৯৮. যি শত্ৰুক বধ কৰে -- শত্ৰুঘ্ন।

 ৯৯. ব্যাকৰণত যি পাৰদৰ্শী -- বৈয়াকৰণিক,
             বৈয়াকৰণ।

 ১০০. যাক সহজে লঙ্ঘন কৰিব নোৱাৰি --
             অলঙ্ঘ্য।

অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।

Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

English Grammar For Class 9 :
           Voice.
           Narration.

English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)
        
          

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........

Post a Comment

7 Comments

English grammar said…
জন্ম হৈয়ে মৰে যি কি হʼব
Unknown said…
আদি পৰা অন্ত লৈ কি বোলে
Unknown said…
আদ্যোপান্ত
Unknown said…
ধুনপেচ মাৰি চটফটাই ফুৰা দুষ্টা তিৰোতা
Unknown said…
মোক ও লাগে
Unknown said…
সন্তান নোহোৱা তিৰোতা
Anonymous said…
Kathbasi