Class 10 | SEBA Assamese Textbook | অসমীয়া সাহিত্য চয়নিকা (দ্বিতীয় ভাগ) | পাঠ নং ৬ ছাত্ৰ-জীৱন আৰু সমাজ সেৱা _ ডিম্বেশ্বৰ নেওগ

Last Updated In 30/03/2019

 পৃষ্ঠা নং ৩০

    শব্দাৰ্থ আৰু টোকা :

    চেঁচুক : ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাই।
    ডেম-ডেউকা : জেকা ঠাইত হোৱা এবিধ
     ৰসাল, বিজলুৱা ক্ষুদ্ৰ গছ।
     দুৰ্দিন : বেয়া দিন, দুখৰ দিন।
    পেন্দুকণা : নিচেই সৰু।
    সহপাঠী : একেলগে পঢ়োঁতা।

 পৃষ্ঠা নং ৩১

প্ৰশ্নাৱলী

ভাব-বিষয়ক :

১। অতি চমুকৈ উত্তৰ লিখা :

    (ক) লিখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত
    উদ্দেশ্য কি কি?
    উত্তৰ : পুথি অধ্যয়ন কৰি ভালকৈ শিক্ষা
    আহৰণ কৰাটোৱে ছাত্ৰ জীৱনৰ প্ৰকৃত
    উদ্দেশ্য। শিক্ষা বুলিলে শুদা লিখা-পঢ়া কৰিব
    পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ কোনো সীমা
    নাই।

               মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম
    কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়,
    সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে
    হ'ব পাৰি, মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে
    শিক্ষা বুলিব পাৰি আৰু ছাত্ৰ জীৱনত আমি
    এইবিলাক কথাকে শিকিব লাগিব।

               শিক্ষাৰ্থী অৰ্থাৎ ছাত্ৰৰ একাগ্ৰতা
    সচাঁকৈয় উন্নতিৰ ঘাই মন্ত্ৰ।  শিক্ষাৰ শাৰীৰিক,
    মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ
    ভাগ আছে, সেই সকলো বিধৰে অনুশীলন
    অৰ্থাৎ চৰ্চা লাগে।

               দেশৰ দুৰ্দিনৰ দিনত ডেকাসকলে
    প্ৰৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু
    হৈ থাকিব লাগিব। কিন্তু ছাত্ৰসকলে এই
    সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ
    সীমাত থাকি, অৰ্থাৎ শিক্ষা লাভৰ উদ্দেশ্যেহে
    তেওঁলোকে পঢ়া-শুনা সকলো কৰ্তব্য
    অটুটৰূপে কৰি ওপৰঞ্চিস্বৰূপে এনেবোৰ
    বিষয়ত হাত দিব লাগিব, পঢ়া শুনা এৰি থৈ
    নহয়।

    (খ) বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি?
    উত্তৰ : বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ প্ৰধান দোষ
    হ'ল ই কামৰ শিক্ষা অৰ্থাৎ কাৰ্যকৰী বা
    ব্যৱহাৰিক শিক্ষা নহয়। মূল্যবোধ বিহীন‌
    বৰ্তমানৰ শিক্ষাই নৱপ্ৰজন্মক যেন এক
    যন্ত্ৰলৈ সলনি কৰি পেলাইছে।

               আমি উদাহৰণ হিচাপে দুখীয়া
    শব্দটোকে ল'ব পাৰোঁ। এই শব্দটোৰ বানান
    শুদ্ধকৈ লিখিছে নে নাই, শিক্ষকে তাৰ প্ৰতি হে
    বেছি গুৰুত্ব দিয়ে। কিন্তু বিদ্যাৰ্থীজনে দুখীয়াক
    সহায় কৰিছে নে তিৰস্কাৰ কৰিছে তালৈ
    শিক্ষকে মন নিদিয়ে।

               আনকি পিতৃ মাতৃয়েও পঢ়ি শুনি
    সন্তানে প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে
    নাই নাচায়। তেওঁলোকে বছৰি পৰীক্ষাত উত্তীৰ্ণ
    হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ
    হ'ব পাৰিছেনে নাই, চাই সেইটোহে।

               শাৰীৰিক কচৰৎ শিক্ষাৰে এটা ভাগ।
    সেই শিক্ষা গ্ৰহণ কৰা বিদ্যাৰ্থীয়ে কিন্তু ঘৰত
    কোনো ধৰণৰ কামত অংশগ্ৰহণ কৰিব
    নিবিচাৰে।

    (গ) ছাত্ৰসকলে কি কি বিষয়ক জ্ঞান লাভ
    কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে?
    উত্তৰ : ছাত্ৰসকল দেশৰ ভবিষ্যত, আশা-
    ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলক ছাত্ৰ
    অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী,
    অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ
    দিব লাগে। যাতে তেওঁলোক এই জ্ঞানেৰে
    পৰিপুষ্ট হৈ দেশসেৱাত ব্ৰতী হ'ব পাৰে।

    (ঘ) ছাত্ৰ সকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা
    কিদৰে লাভ কৰিব পাৰে?
    উত্তৰ : কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ
    ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ
    বাছি ল'ব পাৰে। এই কুৰি শতিকাৰ মাজ
    ভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে
    ৰাজত্ব কৰিছে।

               আজি গাঁও অজ্ঞানতা আৰু
    কুসংস্কাৰৰ লীলাভূমি। ছাত্ৰসকলে গাঁৱত
    সোমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত
    লোকসকলৰ এই বিষয়ে চকু মুকলি কৰিব
    লাগিব।

               ককাই, দদাই বা দেউতা বুলি
     তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত
    দাঙি ধৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান
    আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি
    তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব
    লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চট-কপট
    গুচাবলৈ চাব লাগিব।

               গাঁৱত কোনো নৰীয়া আদি হ'লে
     উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব
    লাগিব। উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ
    ঘৰ আৰু গাওঁখন একোখন আদৰ্শ গাঁও
    কৰিবলৈ চাব লাগিব।

                এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ
    নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ
    কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন
    এনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ
    উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা
    হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ
    শিক্ষাই প্ৰকৃত শিক্ষা।

    (ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা
    মানে কিহৰ উন্নতি কৰা?
    উত্তৰ : লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা
    মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত শিক্ষা বিস্তাৰ
    কৰা, গাঁৱলীয়া লোকসকলক নিজ সম্মান
    আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া।

অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।

Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

          ৭০ টা এটা শব্দত প্ৰকাশ কৰা।

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

English Grammar For Class 9 :
           Voice.
           Narration.

English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)

          150 Prepositions

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)
        
             

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........

                

Post a Comment

4 Comments

Unknown said…
i like this answer of assamese subject ... so please give more Answer of assamese chapter...
Horeram Tanti said…
Glad to know you have liked this page. More pages on Assamese chapter will be added soon.
Mahanta SM said…
Could u please add more answers from this chapter
Unknown said…
উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই , বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই - ব্যাখ্যা কৰা