Class 9 || Social Science || Political Science || Lesson 1. ভাৰতৰ ৰাজনৈতিক দল (অতি চমু প্ৰশ্নোত্তৰ)



১/ কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল?
উত্তৰ: অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত।

২/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কোন চনত হৈছিল? 
উত্তৰ: ১৮৮৫ চনত।

৩/ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত কোনটো দলৰ পতন ঘটিছিল?
উত্তৰ: মনমোহন সিঙৰ নেতৃত্বাধীন UPA (মৰ্চা) চৰকাৰখনৰ ২০১৪ চনৰ সাধাৰণ নির্বাচনত পতন ঘটিছিল।

৪/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল?
উত্তৰ: এলেন অক্টো ভিয়ামহিউম

৫/ ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম কি আৰু কোন চনত গঠন কৰা হৈছিল? 
উত্তৰঃ ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম হ'ল- "দি ইণ্ডিয়ান এছ 'চিয়েচন"। এই সংগঠনটো ১৮৭৬ চনত গঠন কৰা হৈছিল।

৬/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ বোম্বাই (বর্তমান মুম্বাই)।

৭/ মুছলিম লীগৰ জন্ম কোন চনত হৈছিল?
উত্তৰ: ১৯০৬ চনত।

৮/ ভাৰতৰ প্ৰথমটো সাধাৰণ নির্বাচন কোন চনত হৈছিল আৰু ইয়াত কিমানটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল?
উত্তৰ: ভাৰতৰ প্ৰথমটো সাধাৰণ নির্বাচন ১৯৫২ চনত হৈছিল আৰু এই নির্বাচনত ১৪ টা সৰ্বভাৰতীয় ৰাজনৈতিক দলে অংশ গ্রহণ কৰিছিল।

৯/ ছ'চিয়েলিষ্ট ফ'ৰামে কৃষক মজদুৰ পাৰ্টীৰ লগত লগ লাগি কোনটো পাৰ্টীৰ গঠন কৰিছিল?
উত্তৰঃ প্রজা ছ'চিয়েলিষ্ট পার্টী।

১০/ ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি আছিল?
উত্তৰঃ দ্রাবিড় মুন্নেট্টা কাজাগম (DMK - ডি. এম. কে.)

১১/ কোনটো দশকক "আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক” বুলি কোৱা হয়?
উত্তৰঃ বিশেষকৈ যোৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱাৰ বাবে সেই দশকটোক "আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক" বুলি কোৱা হয়।

১২/ কেতিয়াৰ পৰা আমাৰ দেশত বিৰোধী দলৰ ভূমিকা স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়?
উত্তৰঃ ১৯৭৭ চনৰ পৰা।

১৩/ সমাজবাদী দলৰ পুৰণা নাম কি আছিল?
উত্তৰ: সাম্যবাদী।

১৪/ ২০১৪ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল?
উত্তৰঃ ২০১৪ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পার্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই চৰকাৰ গঠন কৰা হৈছিল।

১৫/ ৰাজনৈতিক দল মানে কি?
উত্তৰ: সাধাৰণতে ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র।

১৬/ কেতিয়া ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল?
উত্তৰ: প্রায় ১৮৮৫ চনত।

১৭/ বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্রেট ব্রিটেইন)।

১৮/ ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ কোন চনত আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল?
উত্তৰ: ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ ১৯৭৭ চনত মোৰাৰজী দেশাই নেতৃত্বত গঠন কৰা হৈছিল।

১৯/ ভাৰতৰ সৰ্বপ্ৰথম সংযুক্ত চৰকাৰ কোন দলৰ নেতৃত্বত গঠন কৰা হৈছিল?
উত্তৰ: ভাৰতৰ সৰ্বপ্ৰথম সংযুক্ত চৰকাৰ জনতা দলৰ নেতৃত্বত গঠন কৰা হৈছিল।

২০/ NDA-ৰ সম্পূর্ণ অর্থ কি?
উত্তৰ: National Democratic Alliance (ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা)।

২১/ ভাৰতবৰ্ষত কেতিয়া কমিউনিষ্ট পার্টিৰ গঠন হৈছিল?
উত্তৰ: ১৯২৪ খ্রীষ্টাব্দত ভাৰতবৰ্ষত কমিউনিষ্ট পাটীৰ গঠন হৈছিল।

২২/ ভাৰতত প্রথম অনা-কংগ্ৰেছী চৰকাৰ কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯৭৭ চনত।

২৩/ পোন প্ৰথমে ৰাজনৈতিক দলৰ আৰম্ভণি ক'ত হৈছিল?
উত্তৰ: ইংলেণ্ডত।

২৪/ ৰাজনৈতিক দলৰ শুভাৰম্ভ কাৰ দিনত হৈছিল?
উত্তৰ: ৰাণী এলিজাবেথৰ দিনত।

২৫/ আটাইতকৈ উৎকৃষ্ট চৰকাৰ কি?
উত্তৰ: দ্বি-দলীয় চৰকাৰ।

২৬/ ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল?
উত্তৰ: ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম হ'ল হিন্দু মহাসভা। এই দলটো ১৯১৬ চনত গঠিত হৈছিল।

২৭/ ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল?
উত্তৰ: ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম হ'ল স্বৰাজ পার্টী। ই ১৯২২ চনত গঠিত হৈছিল।

২৮/ কাৰ কাৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পার্টী গঠন কৰা • হৈছিল? পিছলৈ এই দলটোবে কোনটো দলৰ লগত চামিল হয়?
উত্তৰ: চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটো গঠন কৰা হৈছিল। পিছলৈ এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।

২৯/ ভাৰতবৰ্ষৰ প্ৰথম বাওঁপন্থী দলটো কি আছিল? এই দলটো কোন চনত গঠন কৰা হৈছিল?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰথম বাওপন্থী দলটো আছিল ভাৰতীয় সাম্যবাদী দল। এই দলটো ১৯২৪ চনত গঠন কৰা হৈছিল।

৩০/ ভাৰতৰ পঞ্চমটো ৰাজনৈতিক দলৰ নাম কি আৰু এই দলটো কাৰ আদর্শক কেন্দ্ৰ কৰি গঠন কৰা হৈছিল?
উত্তৰ: ভাৰতৰ পঞ্চমটো ৰাজনৈতিক দল হ'ল কার্লমার্ক্সৰ সাম্যবাদী দল। এই দলটো কার্ল মার্ক্সৰ আদৰ্শক কেন্দ্ৰ কৰি গঠন কৰা হৈছিল।

৩১/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত গঠিত হোৱা সাম্যবাদী দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল?
উত্তৰ: ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত গঠিত হোৱা সাম্যবাদী দলটোৰ নাম আছিল "ছ'চিয়েলিষ্ট ফ'ৰাম"। এই দলটো ১৯৩৮ চনত গঠিত হৈছিল।


 অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।
      ✒️ ৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ
           কৰাৰ।

 Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         ৭০ টা এটা শব্দত প্ৰকাশ কৰা

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

 Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

 English Grammar For Class 9 :
           Voice.
           Narration.

 English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)
          160 Preposition with teaching

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)             

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........






Post a Comment

0 Comments